মুখ্য-পৃষ্ঠা

অসম নিৰ্বাচনত নিয়োজিত বংগৰ জোৱানক বিদায় সম্বৰ্ধনা অসম আৰক্ষীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমত সমাপ্ত হ'ল ২০২১ৰ বিধানসভা নিৰ্বাচন। বহুকেইটা বিক্ষিপ্ত ঘটনাৰ মাজৰে তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈ গল এই নিৰ্বাচন। নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ প্ৰশাসনে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছিল।

হৈ যোৱা ভোটগ্ৰহণত নিৰাপত্তা দিশৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিল অসম আৰক্ষীয়ে। অসম আৰক্ষীৰ সহস্ৰাধিক জোৱান এই নিৰ্বাচনত দিন-ৰাতি একাকাৰ কৰি কৰ্তব্য সম্পাদন কৰিছিল। অসম আৰক্ষীৰ উপৰিও নিৰ্বাচনত কৰ্তব্য সম্পাদন কৰিছিল পশ্চিম বংগৰ শতাধিক জোৱানে।

বংগৰ এই জোৱানসকলক বুধবাৰে ফুলাম গামোছা পিন্ধাই বিদায় দিয়ে। অসম আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ উপস্থিতিত এই বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।

উল্লেখ্য যে, তিনিটা পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হব ২ মে'ত।