মুখ্য-পৃষ্ঠা

মাৰ্ঘেৰিটাতত আৰক্ষীয়ে আটক কৰে ২টা মাটিৰ দালালক…

asomiyapratidin

ডিজিটেল সংবাদঃ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে সমগ্ৰ ৰাজ্যতে সোমবাৰৰ নিশাৰে পৰা মাটিৰ দালাৰ বিৰুদ্ধে চলিছে অভিযান। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে মাৰ্ঘেৰিটাতো দুজন মাটিৰ দালাক আৰক্ষীয়ে আটক কৰে। ধৃত মাটি দালাল দুজন ক্ৰমে অজিৎ দে আৰু অমূল্য সিং ওৰফে ভৱেশ।

দীৰ্ঘদিন ধৰি দুই মাৰ্ঘেৰিটা ৰাজহ চক্ৰ কাৰ্যালয়ত এই দুই দালালে মাটিৰ দালালি কৰি আহিছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰি দুই ধৃত মাটিত দালাক আটক কৰি মাৰ্ঘেৰিটা থানা গোচৰ নং ২১৫/২১ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি  ১২০,b ৪২০, ৪০৬, ৪০৯,৪৬৮,৪৭১ অধীনত তদন্ত আৰম্ভ কৰিছে। অন্যহাতে দুই মাটি দালাৰ পৰা আপত্তিজনক নথি পত্ৰ জব্দ কৰে আৰক্ষীয়ে।