মুখ্য-পৃষ্ঠা

গানৰ শিক্ষক নহয়, গীতেৰে শিকাইছে ইংৰাজীঃ ভিডিঅ’ দেখি ফেন হৈছে বিগ বি…

asomiyapratidin

ডিজিটেল ডেস্কঃ এজন শিক্ষকৰ ফেন হৈ পৰিছে অমিতাভ বচ্চন, কুমাৰ বিশ্বাস। টুইটাৰত শিক্ষকজনৰ ভিডিঅ' শ্বেয়াৰ কৰি সেয়া জাহিৰ কৰিছে দুয়োজনে। অভিনেতা অমিতাভ বচ্চন, কবি কুমাৰ বিশ্বাসৰ উপৰিও এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই বিহাৰী শিক্ষকজনৰ ভিডিঅ'। ভিডিঅ'টোত ইংৰাজীৰ শিক্ষকগৰাকীয়ে শ্ৰেণীকোঠাত পাঠদান কৰি থকা দেখিবলৈ পোৱা গৈছে।

শিক্ষকজন এনেদৰে জনপ্ৰিয় হৈ পৰাৰ কাৰণ হৈছে তেওঁৰ পাঠদান শৈলী। শিক্ষকজনে শ্ৰেণীকোঠাত ইংৰাজী ভাৱেল আৰু কনচ'নেন্টৰ শিক্ষা দিছে। ভোজপুৰী লোক সংগীতৰ সুৰত গীত গাই গাই ছাত্ৰ-ছাত্ৰীক ভাৱেল-কনচ'নেন্টৰ শিক্ষা দিছে শিক্ষকগৰাকীয়ে। 'পাঁচ ভাৱেল এ ই আই অ' ইউ ঔৰ বাকী চহ কনচ'নেন্ট হোৱে ৰে… ভাৱেল কে পেহলে এন লাগে ঔৰ কনচ'নেন্ট কে পেহলে এ লাগে ৰে' গীত গাই শিক্ষকজনে এক অনন্য ৰূপত পাঠদান কৰি ছাত্ৰ-ছাত্ৰীক পাঠ্যক্ৰমৰ প্ৰতি আকৰ্ষিত কৰিছে।

শিক্ষকজনৰ এনে পাঠদান শৈলীৰ প্ৰশংসা কৰিছে কবি কুমাৰ বিশ্বাসে। টুইটাৰত তেওঁ ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছে- 'ভাৱেল আৰু কনচ'নেন্টৰ শিক্ষা এনে কোনো গুৰুৱে যদি আমাক দিলেহেঁতেনে, তেন্তে আজি আমিও শশী থৰুৰৰ দৰে পট পটকৈ ইংৰাজী ক'ব পাৰিলোঁহেতেন।' ভিডিঅ'টো শ্বেয়াৰ কৰিছে বলীউডৰ বিগ বি অমিতাভ বচ্চনেও।

ইফালে চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে শিক্ষকজনৰ এই ভিডিঅ'টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্নজনে। বহুতেই শিক্ষকজনৰ এনে শিক্ষণ শৈলীক উপহাস কৰি ইংৰাজীৰ শিক্ষকে গানৰ শিক্ষা দিয়াৰ কি প্ৰয়োজন বুলি মন্তব্যও কৰিছে। কিন্তু তাৰ মাজতো শিক্ষকজনক ভূয়সী প্ৰশংসাৰে বুৰাইছে বহুতে। বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীক এক কঠিন পাঠ্যক্ৰমৰ প্ৰতি মনোনিৱেশ কৰাবলৈ এনে শিক্ষাৰ প্ৰয়োজন বুলি মত ব্যক্তি কৰিছে শিক্ষিত মহলে।

প্ৰণিধানযোগ্য যে, শিক্ষাৰ সৈতে একাত্ম সম্পৰ্ক আছে সংগীতৰ। সংগীতে মনোযোগ বৃদ্ধিৰ লগতে পঢ়াৰ প্ৰতি মনত ধাউতি যোগায়। তেনে পৰিপ্ৰেক্ষিততে প্ৰাথমিক শিক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীক পদ্য মুখস্থ মাতিবলৈ দিয়া হয়। পদ্যত থকা লয়ে ছাত্ৰ-ছাত্ৰীৰ মনত আগ্ৰহৰ সৃষ্টি কৰে আৰু অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰোৱায়।

সেইবাবেই জাপান, চীন আদি দেশৰ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক কঠিন পাঠ্যক্ৰম পঢ়োৱাৰ সময়ত সংগীতৰ সহায় লৈ আহিছে। ভাৰততো বহু শিক্ষকে ইংৰাজী ব্যকাৰণ, গণিত আদি কঠিন বিষয়ে ছাত্ৰ-ছাত্ৰীৰ মনত যাতে শিক্ষাৰ প্ৰতি ভয়ৰ সৃষ্টি নকৰে তাৰ বাবে সংগীত আৰু নৃত্যৰ সহায় লৈ আহিছে। তেনে এগৰাকী শিক্ষকেই হৈছে এইগৰাকী-

এই গৰাকী শিক্ষকে শ্ৰেণীকোঠাত ইংৰাজী ব্যকৰণৰ টেন্সৰ শিক্ষা দিছে। ৰেপ গাই লগত নৃত্য কৰি শিক্ষাৰ্থীসকলৰ মনত ব্যকৰণৰ ভয় নোহোৱা কৰিছে এনেদৰে।

https://youtu.be/xul5BOFQRf8

এই শিক্ষকগৰাকীয়ে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ লগত নাচি নাচি ক খ গৰ শিক্ষা দিছে। সুৰৰ তালে তালে এনেদৰে শিক্ষা দি ছাত্ৰ-ছাত্ৰীসকলৰ মনত পঢ়াৰ প্ৰতি ধাউতি জন্মোৱাত তেওঁ সফল শিক্ষক।

এইগৰাকী গণিত শিক্ষক। বহু ছাত্ৰ-ছাত্ৰীৰ বাবে গণিত এক কঠিন বিষয়। কিন্তু সংগীতৰ মাধ্যমেৰে যদি এই কঠিন বিষয়টোৰো শিক্ষা দিয়া হয়, তেনে স্বাভাৱিকতেই ই ছাত্ৰ-ছাত্ৰীৰ বাবে ইমানো কঠিন হৈ নাথাকিব। তাকেই প্ৰমাণ কৰিছে এইগৰাকী শিক্ষকে।