মুখ্য-পৃষ্ঠা

পশ্চিম বংগত ‘ভতিজাৰ দুৰ্নীতি’, অমিত শ্বাহলৈ আইনী জাননী

asomiyapratidin

ডিজিটেল ডেস্কঃ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহলৈ আইনী জাননী জাৰি কৰিছে মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীয়ে। ৭২ ঘণ্টাৰ ভিতৰত অমিত শ্বাহে ৰাজহুৱাকৈ ক্ষমা নুখুজিলে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব বুলি জাননীখনত সতৰ্ক কৰি দিছে।

উল্লেখযোগ্য যে, দুদিনৰ পূৰ্বে কলকাতাত আয়োজিত এক সমাৰোহত অংশ লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে মমতা বেনাৰ্জীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। ভাষণ প্ৰসংগত শ্বাহে কৈছিল যে, 'পশ্চিম বংগত এতিয়া বহু দুৰ্নীতি'।

ছাৰডা, ৰোজভেলীৰ দুৰ্নীতিৰ লগতে 'ভতিজাৰ দুৰ্নীতি'ও হৈছে। কেন্দ্ৰই ৰাজ্যসমূহলৈ ঠিকেই ধন পঠাই কিন্তু সেইবোৰ ভতিজা  আৰু তেওঁৰ সংগীসকলে দুৰ্নীতিৰে নিজৰ জেপত ভৰায়।

মমতা বেনাৰ্জীৰ ভতিজাক তথা তৃণমূলৰ নেতা অভিষেক বেনাৰ্জীক লক্ষ্য কৰি অমিত শ্বাহে ভাষণত কৰা এনে মন্তব্যৰ বিৰুদ্ধে তেওঁলৈ এই জাননী প্ৰেৰণ কৰা হৈছে।

৭২ ঘণ্টাৰ ভিতৰত ক্ষমা খুজিবলৈ শ্বাহক সময় বান্ধি দিয়া হৈছে যদিও, এতিয়ালৈকে এই আইনী জাননী সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।