মুখ্য-পৃষ্ঠা

‘ভাৰত বন্ধ’লৈ সমৰ্থন আঞ্চলিক গণ মৰ্চাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিজেপি নেতৃত্বাধীন চৰকাৰে কৃষকৰ স্বাৰ্থৰ সম্পূৰ্ণ পৰিপন্থী তিনিখন আইন জাপি দিবলৈ কৰা ষড়যন্ত্ৰৰ প্ৰতিবাদত দেশৰ কৃষক সংগঠনসমূহে যুটীয়াভাৱে ২৫ ছেপ্তেম্বৰত আহ্বান কৰিছে ভাৰত বন্ধৰ। এই বন্ধলৈ পূৰ্ণ সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে আঞ্চলিক গণ মৰ্চাই।

গণ মৰ্চাই এই বন্ধ অসমতো সফল কৰি বিজেপি আৰু তেওঁলোক সহযোগী দলসমূহৰ জনবিৰোধী তথা স্বৈৰাচাৰী নীতিৰ তীব্ৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছে। বৃহস্পতিবাৰে প্ৰকাশ কৰা এক বিবৃতিত আঞ্চলিক গণ মৰ্চাৰ হৈ আজিত কুমাৰ ভূঞা, সমন্বয়ক ক্ৰমে মনজিত মহন্ত, শান্তনু বৰঠাকুৰ আৰু লাচিত বৰদলৈয়ে কয়, বিজেপি চৰকাৰখনে সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু কেৱল সংখ্যাৰ বলেৰে সংসদত উত্থাপন কৰিছে কৃষক বিৰোধী ৩খন বিল।

উল্লেখ্য যে, আঞ্চলিক গণ মৰ্চাত অসম সংগ্ৰামী মঞ্চ, এ এছ ডি চি, অসম জনতা দল, জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি অসম, খিলঞ্জীয়া জনগোষ্ঠীয় গণ চেতনা মহাসভা অসম, জীপাল কৃষক শ্ৰমিক সংঘকে প্ৰমুখ্যো কৰি বহু জাতীয় দল-সংগঠন অন্তভূক্ত হৈ আছে।