- কেন্দ্ৰীয় চৰকাৰৰ জন বিৰোধী আৰু কৰ্মচাৰী বিৰোধী নীতিৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ।
- বুধবাৰে ভাৰত বন্ধৰ আহ্বান ১০ ট্ৰেড ইউনিয়নৰ।
- বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয় দেশৰ বিভিন্ন প্ৰান্তত।
- পঞ্জাৱৰ অমৃতসৰত ৰে'ল পথ অৱৰোধ কৰিলে বন্ধ সমৰ্থকে।
- অমৃতসৰৰ ৰাজপথতো কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে।
- ইফালে কেৰালতো বুধবাৰে বন্ধৰ প্ৰভাৱ সৰ্বাত্মকৰূপত পৰা পৰিলক্ষিত হয়।
- বন্ধৰ মাজতে তিৰুৱান্তপুৰমত প্ৰতিবাদত বহে সহস্ৰাধিক কৰ্মচাৰী।
- ৰাজধানী দিল্লীতো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বিৰোধী নীতিৰ বিৰুদ্ধে বাহিৰ কৰা হয় এক প্ৰতিবাদী সমদল।
- তামিলনাডুৰ চেন্নাইৰ মাউণ্ট ৰোডত প্ৰতিবাদ কৰ্মচাৰীৰ।
- ইফালে পশ্চিম বংগত বন্ধৰ সময়ছোৱাত সংঘটিত হয় অপ্ৰীতিকৰ ঘটনা।
- কোচ বিহাৰত বন্ধ সমৰ্থকে ক্ষতিসাধন কৰে এখন বাছৰ।
- ভাৰত বন্ধক কেন্দ্ৰ কৰি বুৰদ্বানত তৃণমূল কৰ্মী আৰু এছএফআই কৰ্মীৰ মাজত সংঘৰ্ষ।