মুখ্য-পৃষ্ঠা

৩দিন ধৰি ঘৰৰ ছাদত ওলমি থাকিল ৯ মহীয়া শিশুসহ ৫ জনৰ মৃতদেহঃ অৰ্ধ গলিত মৃতদেহৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ কন্যা শিশু…

asomiyapratidin

ডিজিটেল ডেস্কঃ বেংগালুৰুত সংঘটিত হৈছে এক কৰুণ ঘটনা। বেংগালুৰুৰ বিদাৰাহাল্লিৰ একেটা পৰিয়ালৰ পাঁচজন লোকৰ মৃতদেহ পোৱা গৈছে।মৃতদেহ উদ্ধাৰ হোৱা পৰিয়ালটোৰ সদস্যৰ মাজত অন্তৰ্ভুক্ত আছে এটি ৯ মহীয়া শিশু। চাৰিজন লোকৰ মৃতদেহ ঘৰৰ ছাদত ওলমি থকা অৱস্থাত পোৱা গৈছিল আৰু ৯ মহীয়া শিশুটিয়ে অনাহাৰত মৃত্যু বৰণ কৰিছে বুলি কোৱা হৈছে।

আনহাতে এই পৰিয়ালটোৰ সৈতে আছিল এটি দুবছৰীয়া ছোৱালী। এই দুবছৰীয়া ছোৱালীজনী তিনিদিন ধৰি তাইৰ পৰিয়ালৰ মৃতদেহৰ সৈতেই আছিল। আৰক্ষীয়ে এইগৰাকী শিশুক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিছে।

ঘটনাটোৰ তদন্ত কৰি থকা বেংগালুৰু আৰক্ষীয়ে কৈছে যে, এইছ শংকৰ নামৰ এজন ব্যক্তিৰ পৰিয়ালত সংঘটিত হৈছে এই ঘটনা। এইছ শংকৰে ৫ দিন পূৰ্বে তেওঁৰ পৰিয়ালৰ সৈতে কাজিয়া কৰি ঘৰ এৰিছিল। যেতিয়া তেওঁ উভতি আহিছিল, তেতিয়া তেওঁৰ পত্নী (৫০ বছৰ), পুত্ৰ (২৭ বছৰ) আৰু দুগৰাকী কন্যাই (৩০ ৰ পৰা ৪০ বছৰবয়সৰ) আত্মহত্যা কৰিছিল বুলি জানিব পৰা গৈছে। আত্মহত্যা কৰা আটাইকেইগৰাকীৰ মৃতদেহ পচি নষ্ট হৈ গৈছে।

আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।