বেলতলা ই এছ আই চি হাস্পতাললৈ শ্ৰেষ্ঠত্বৰ সন্মান...
বেলতলা ই এছ আই চি হাস্পতাললৈ শ্ৰেষ্ঠত্বৰ সন্মান... 
মুখ্য-পৃষ্ঠা

বেলতলা ই এছ আই চি হাস্পতাললৈ শ্ৰেষ্ঠত্বৰ সন্মান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমৰ বাবে এটা সুখবৰ। বেলতলা ই এছ আই চি হাস্পতালক দেশৰ শ্ৰম মন্ত্ৰণালয়ে প্ৰদান কৰিলে শ্ৰেষ্ঠ হাস্পতালৰ সন্মান। দেশৰ শ্ৰম মন্ত্ৰণালয়ৰ অধীনস্থ ১৬৫খন হাস্পতালৰ ভিতৰত এই শ্ৰেষ্ঠত্ব সন্মান আজুৰি আনে বেলতলা ই এছ আই চিয়ে।

হাস্পতালখনক এই সন্মান শেহতীয়াকৈ প্ৰদান কৰে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে।  বিজ্ঞান ভৱনত আয়োজিত কৰ্মচাৰী বীমা নিগমৰ ৭৩সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এক বিশেষ অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হয় বেলতলা ই এছ আই চি হাস্পতালক।

বিজ্ঞান ভৱনত আয়োজিত এই অনুষ্ঠানটোত বেলতলা ই এছ আই চিৰ অধীক্ষক ড০ বিজয় ডেকাই গ্ৰহণ কৰে এই বটাঁ। একেটা অনুষ্ঠানতে শিশু চিকিতসা বিভাগৰ জ্যেষ্ঠ  চিকিতসক ড০ ৰঞ্জিত ডেকা আৰু নাৰ্চিং বিষয়া মাইনু বৰাকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়।