মুখ্য-পৃষ্ঠা

সন্মুখত নিৰ্বাচন, হঠাৎ তৎপৰ মোডী! ৩০ দিনত ১৫৭ টা প্ৰকল্পৰ উদ্বোধন…

asomiyapratidin

ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগে শনিবাৰে লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা মাহত দেশৰ ২৮টা অনুষ্ঠানত অংশ লয়। যোৱা মাহত মুঠ ১৫৭টা প্ৰকল্পৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই তথ্য ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ এক সমীক্ষাত লাভ কৰা হৈছে।

ইফালে, নিৰ্বাচনী সূচী ঘোষণা কৰাৰ পাছত চৰকাৰে কোনো ধৰণৰ ডাঙৰ ঘোষণা কৰিব নোৱাৰিব। ৮ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈকে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলৱে ট্ৰেক, চিকিৎসা মহাবিদ্যালয়, হাস্পতালত, বিদ্যালয়, গেছ পাইপলাইন, বিমান বন্দৰ, পানী সংযোগ, পাৱাৰ প্লান্টসহ বহু কেইটা প্ৰকল্প উদ্বোধন কৰিছে।

আনহাতে, ২০১৪ৰ চৰকাৰী তথ্য অনুসৰি, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে দ্বিতীয় কাৰ্যকাল সমাপ্ত হোৱা আৰু নিৰ্বাচনী সূচী ঘোষণা হোৱাৰ পূৰ্বে কোনো ধৰণৰ যাত্ৰা কৰা নাছিল অথবা কোনো প্ৰকল্প উদ্বোধন কৰা নাছিল।