অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানঃ পুনৰ জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ...
অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানঃ পুনৰ জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ... 
মুখ্য-পৃষ্ঠা

অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানঃ পুনৰ জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ...

Asomiya Pratidin

ডিজিটেল সংবাদ বেবেজীয়াঃ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আজি সন্ধিয়া প্ৰায় ৬ মান বজাত গোপন সূত্ৰৰ পমখেদি নগাঁৱৰ বেবেজীয়া আৰক্ষীয়ে এক অভিযান চলায়।

আৰক্ষীৰ দলটোৱে বেবেজীয়া-কুৰুৱাবাহী সংযোগী পথত অভিযান চলাই ৰাকেশ বনিয়া নামৰ ২৫ বছৰীয়া এজন যুৱকক আটক কৰে। আৰক্ষীয়ে যুৱকজনৰ পৰা লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে নগদ ১,৬৫০ টকা জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, আটকাধীন যুৱকজনৰ ঘৰ নগাঁৱৰ টোকোলাই বেবেজীয়াত বুলি জানিব পৰা গৈছে। সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে যুৱকজনক।

উল্লেখ্য যে, আৰক্ষীৰ ইটোৰ পিছত সিটো অভিযানৰ পিছতো নগাঁৱত একাংশ অসাধু ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। যাক লৈ সম্প্ৰতি চিন্তিত হৈ পৰিছিল সচেতন মহল।