মুখ্য-পৃষ্ঠা

২০১৯ৰ বিশ্বকাপত ‘বিশেষ ষ্টাৰ’ হৈ পৰা টীম ইণ্ডিয়াৰ চুপাৰফেন চাৰুলতা পেটেল আৰু নাই!

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ চুপাৰফেন হিচাপে পৰিচিত চাৰুলতা পেটেল আৰু নাই! সোমবাৰে সন্ধিয়া ৫.৩০ বজাত ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে চাৰুলতা পেটেলে। দীৰ্ঘদিন ধৰি তেওঁ বাৰ্ধক্যজনিত কাৰণত অসুস্থতাত ভূগি আছিল। চাৰুলতা পেটেলৰ অফিচিয়েল টুইটাৰ হেণ্ডেলযোগে তেওঁৰ মৃত্যুৰ খবৰ প্ৰকাশ কৰে।

২০১৯ৰ লণ্ডনত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটত বিশেষ চৰ্চা লাভ কৰিছিল চাৰুলতা পেটেলে। বিশেষকৈ ভাৰত-বাংলাদেশৰ খেলৰ দিনা হুইল চেয়াৰত বহি তেওঁ পাইছিল ষ্টেডিয়ামত। অন্য দৰ্শকৰ দৰে তেওঁ পেঁপা বজাই আৰু ভাৰতৰ পতাকা হাতত লৈ দলটোৰ প্ৰতি প্ৰদৰ্শন কৰিছিল সমৰ্থন।

সৰুৰে পৰাই ক্ৰিকেট বুলিলে বলিয়া চাৰুলতা পেটেলে অসুস্থতাৰ মাজতো এনেদৰে ষ্টেডিয়ামত উপস্থিত থাকি ভাৰতীয় দলটোক সমৰ্থন জনোৱা বাবে ব্যক্তিগতভাৱে তেওঁক সাক্ষাৎ কৰি ধন্যবাদ জনাইছিল অধিনায়ক বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই। বিশ্বকাপত এনেদৰে চৰ্চাৰ শীৰ্ষত থকা চাৰুলতা পেটেলে পৰৱৰ্তী সময়ত পেপছিক' কোম্পানীৰ এক বিজ্ঞাপনতো অংশ লোৱাৰ সুযোগ লাভ কৰিছিল।

ক্ৰিকেটৰ অনুৰাগী চাৰুলতা পেটেলৰ দেহাৱসানত দুখ ব্যক্ত কৰিছে বিচিচিআইয়ে। টুইটত বিচিচিআইয়ে শোক ব্যক্ত কৰি লিখিছে, 'ভাৰতীয় দলৰ চুপাৰফেন চাৰুলতা পেটেল সদায় আমাৰ অন্তৰৰ মাজত থাকিব। খেলৰ বাবে থকা তেওঁৰ অদম্য ইচ্ছা প্ৰেৰণা হৈ ৰ'ব চিৰদিন। ইশ্বৰে তেওঁৰ আত্মাক শান্তি দিয়ক।'