মুখ্য-পৃষ্ঠা

পবিত্র ৰাখী পূৰ্ণিমা উপলক্ষে একল অভিযানৰ বটদ্ৰৱা সঞ্চৰ আচাৰ্যা সকলে আৰক্ষী আৰু সাংবাদিকক পিন্ধালে ৰাখী…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ভাতৃত্ববোধ তথা ভাতৃ ভগ্নীৰ নামত উৎসৰ্গিত আজি পবিত্র ৰাখী পূৰ্নিমাৰ দিনা একল অভিযানৰ বটদ্ৰৱা সঞ্চৰ আচাৰ্যা সকলে বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষী জোৱান সকলক ৰাখী পিন্ধায়।

কভিড-১৯ বিৰোদ্ধে যুজঁত সন্মুখৰ পৰা অৱতীৰ্ণ হৈ জনগন তথা দেশক ৰক্ষা কৰা আৰক্ষীৰ জোৱান সকলক উৎসাহ আৰু প্ৰেৰণা প্ৰদান কৰা উদেশ্যে আচাৰ্যা সকল সোমবাৰে পুৱা মুখত মাস্ক পৰিধান আৰক্ষী থানাত উপস্থিত হৈ কৰি বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাধা কান্ত দাসকে প্ৰমুখ্য কৰি আৰক্ষীৰ লোক সকলক ৰাখী পিন্ধাই ৰাখী বন্ধন উৎসৱ পালন কৰে।

তৃতীষা ভৰালী, অৰুনা কলিতা, লক্ষীমাই বৰদলৈ, মমতা শইকীয়া, পূজা শইকীয়াকে প্ৰমুখ্য কৰি একল অভিযানৰ বটদ্ৰৱা সঞ্চৰ আচাৰ্যা সকলে আৰক্ষীৰ লোক সকলক ৰাখী পিন্ধোৱা পাছত বটদ্ৰৱাৰ স্থানীয় সাংবাদিক সকলকো ৰাখি পিন্ধাই মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰে।

বটদ্ৰৱা সত্ৰ এলেকাৰ ৩০খন বিদ্যালয়ৰ শিক্ষয়ত্ৰীসকলৰ সংগঠিত এক শৈক্ষিক আৰু সামাজিক সংস্থা হ'ল এই বটদ্ৰৱা সঞ্চ। ইয়াৰ সদস্যাসকলক পূৰ্বৰ তথা বৰ্তমানৰ আৰ্হিত আচাৰ্যা বোলা হয়। লকডাউনৰ সময়তো বিয়লিভাগত শিশু, কিশোৰ সকলক কোৰোনা প্ৰতিৰোধৰ নীতি-নিৰ্দেশনা মানি চলিয়ো তেওঁলোকে সামাজিক দুৰত্ব বৰ্তাই ৰাখি পাঠদানৰ নিয়মীয়া ব্যৱস্থা কৰাৰ উপৰি সাংস্কৃতিক শিক্ষাও দি আহিছে। শাওন মাহৰ পূৰ্ণিমাৰ দিনটোত আজি বিশ্বজুৰি পালন কৰা ৰক্ষা বন্ধন দিৱসৰ সৈতে সংগতি ৰাখি শিক্ষাৰ্থীসকলক তেওঁলোকে ৰাখী পৰিধান কৰায়।