মুখ্য-পৃষ্ঠা

বটদ্ৰৱাৰ দৌল মন্দিৰৰ বৰনাম লগোৱা দেহি ৰাম বৰুৱাৰ বিয়োগ…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দৌল মন্দিৰৰ বৰনামলগোৱা তথা গুৰুজনাৰ একান্ত সেৱক দেহি ৰাম বৰুৱাৰ শনিবাৰে নিশা গুৱাহাটী মেডিকেল কলেজ হস্পিতেলত বিয়োগ হয়। ৭৩ বছৰীয়া দেহি ৰাম বৰুৱা বিগত দহ দিন ধৰি উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।

নিৰ্জু, অল্পভাষী, শান্ত প্ৰকৃতিৰ দেহি ৰাম বৰুৱাই বটদ্ৰৱাৰ দৌল মন্দিৰত বিগত প্ৰায় কুৰি বছৰ ধৰি নিগুন ভক্তিৰে গুৰুসেৱাত ব্ৰতী হৈ আছিল। সৰল মনৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰতিভূ, বৰনামলগোৱা দেহি ৰাম বৰুৱাৰ বিয়োগত বটদ্ৰৱা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্ত, নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত দেহি ৰাম বৰুৱাই পত্নী, এজন পুত্ৰ, বোৱাৰী, এগৰাকী জীয়ৰী, জোৱাই, নাতি-নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।