মুখ্য-পৃষ্ঠা

ৰঙালী বিহুৰ পৰম্পৰা বটদ্ৰৱাত গৃহস্থৰ চোতালত হুচৰি কীৰ্তন…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আজি প্ৰথম দিন। ৰঙালী বিহু মানেই হৈছে হুচৰি। অসমৰ প্ৰতিখন গাঁৱত প্ৰতিটো চুবুৰীত, তথা চোতালে চোতালে মুখৰিত হব হুছৰি। মুৰৰ চুলি চিগি আশীৰ্বাদ কৰিব গৃহস্থক।

এই অনুপম হুচৰি সংস্কৃতি উজনি নামনি আৰু মধ্য অসমত পৃঠক পৃঠক শৈলীৰে পৰিবেশ কৰি অহিছে শ শ বছৰ ধৰি। উজনি অসমত ঢোল পেঁপা তাল সংগত প্ৰকৃতি বিষয়ক হুছৰিৰ পৰিবৰ্তে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা তথা নগাঁও, মৰিগাঁও জিলাত হুচৰিত কৃষ্ণ নাম লৈ 'হুছৰি কীৰ্তন' পৰিবেশন কৰা নিয়ম।

এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৱৰ্তী গোসাঁই খন্দা গাঁৱৰ জীয়ৰী বোৱাৰী সকলে বিহুৰ প্ৰথম দিনটোত উলাই আহি গৃহস্থৰ চোতালত হুচৰি পৰিবেশন কৰি গৃহস্থক বছৰটোৰ বাবে আশীৰ্বাদ প্ৰদান কৰিছে।