মুখ্য-পৃষ্ঠা

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত হাতীচোং কমাৰচুক বালিকা বিদ্যালয়ত কভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হাতীচোং শাখাৰ উদ্যোগত নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত হাতীচোং কমাৰচুক বালিকা বিদ্যালয়ত বৃহস্পতিবাৰে কভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী সম্পন্ন কৰা হয়।বন্তি প্ৰজ্বলনৰ দ্বাৰা উক্ত কাৰ্যক্ৰমৰ শুভাৰম্ভণি কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নগাঁও জিলাৰ সাংগঠনিক সম্পাদক তুষাৰ ভৌমিক আৰু নগাঁও জিলা সংযোজক মৃত্যুঞ্জয় কুমাৰ মাহাতুৱে।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হাতীচোং শাখাৰ সম্পাদক মাধূৰ্য্য প্ৰতিম শইকীয়া, যুটীয়া সম্পাদক সংকল্প বৰা, নিজৰা দাস, হৃদয়ানন্দ দাস, পল কলিতা, জ্যোতি বৰা, জিতুমনি শইকীয়া, সন্তোষ কুমাৰ দাস, দিম্পাকৰ বৰা উপস্থিত থকা কাৰ্যসূচীত কভিড প্ৰটকল ৰক্ষা কৰি শৃংখলাবদ্ধ ভাৱে অঞ্চলটোৰ তিনি শতাধিক লোকক কভিড ভেকচিন প্ৰদান কৰা হয়।