মুখ্য-পৃষ্ঠা

কোন এই প্ৰভাৱশালী চক্ৰ! জব্দ হোৱা ২৬৫খন বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক মুকলাই পঠিয়াইছে গুৱাহাটীৰ দিশে…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ নিৰ্বাচনী আচৰণ বিধি তথা প্ৰশাসনৰ সকলো নিষেধাজ্ঞাক ভৰিৰে মোহাৰি ৰাজ্যত অব্যাহত আছে চুপাৰি চিণ্ডিকেট। এই বৃহত চিণ্ডিকেট চক্ৰটো পুলিয়ে-পোখাই উভালি পেলোৱাৰ প্ৰতিশ্ৰুতি চৰকাৰখনে দিছিল যদিও কাৰ্যত সেয়া বাস্তৱত পৰিলক্ষিত হোৱা নাই। নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকাৰ মাজতে মিজোৰাম সীমান্তৰ পৰা গুৱাহাটী অভিমুখে আহি আছে প্ৰায় ২৬৫খন বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক।

এই চুপাৰিখিনিৰ বজাৰমূল্য প্ৰায় ১৬০কোটি টকা। প্ৰভাৱশালী এক চক্ৰৰ চত্ৰচায়াত কেইবাখনো জিলাৰ সদৰেদি পাৰ নিৰ্ভয়ে পাৰ হৈ আহিছে এই বৃহত সংখ্যক ট্ৰাক। লক্ষ্যণীয়ভাৱে চৰ্চা হৈছে যে, শিলচৰৰ এক প্ৰভাৱশালী বিজেপি নেতা অতিকৈ ঘনিষ্ঠ এজন লোকে এই প্ৰত্যোকখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰিছে ২লাখকৈ টকা।

গুৱাহাটী অভিমুখে আহি থকা এই ট্ৰাকসমূহৰ পৰা প্ৰায় ৫.৫০কোটি টকা সংগ্ৰহ কৰিছে বুলি অভিযোগ উঠিছে এই প্ৰভাৱশালী বিজেপি নেতাগৰাকীৰ ওপৰত। বাপ্পা পাল আৰু কালাইনেৰ বাবলু নামৰ দুজন ব্যক্তিয়ে এই ধন ট্ৰাক সমূহৰ পৰা সংগ্ৰহ কৰে বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত খবৰ অনুসৰি, যোৱা ২৬ফেব্ৰুৱাৰীত নিৰ্বাচনত দিন ঘোষণা কৰাৰ দিনাই এই ট্ৰাকসমূহ জব্দ কৰা হৈছিল। কিন্তু পিছৰ পৰ্যায়ত এই প্ৰভাৱশালী চক্ৰটোৰ কেইজনমান মাফিয়াই মেনেজ কৰি এই ট্ৰাকসমূহ মুকলাই দিয়ে। প্ৰায় দুদিন ধৰি জব্দ কৰি ৰখাৰ পাছত লাইপুলি আৰক্ষী থানাৰ সমীপত এই চক্ৰটোৰ কেইবাজনো ঘনিষ্ঠক প্ৰত্যক্ষ কৰা হৈছিল। উল্লেখ্য যে, এনে অৰাজকতা দেখি প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰিছে সচেতন মহলে।