মুখ্য-পৃষ্ঠা

বান বিধ্বস্ত অঞ্চলত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য ৰোহিনী বৰাৰ সাহাৰ্য্য…

asomiyapratidin


ডিজিটেল সংবাদ,বটদ্ৰৱাঃ
বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত নগাঁও-মৰিগাঁও জিলাৰ সীমামূৰীয়া কাকমাৰী, চাবুকধৰা, ভকতগাঁও পঞ্চায়তৰ বানবিধ্বস্ত অঞ্চল সমূহত দেওবাৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য ৰোহিনী বৰা আৰু দলংঘাট মণ্ডল সমিতিৰ বিষয়ববীয়া তথা কাৰ্যকৰ্তা সকলে বান সাহাৰ্য্য প্ৰদান কৰে।

তেওঁলোকে বান বিধ্বস্ত অঞ্চলটো পৰিদৰ্শন কৰি বৰ্তমানৰ প্ৰতিকুল পৰিস্থিতিৰ সৈতে বানাক্ৰান্ত ৰাইজে কিদৰে মোকাবিলা কৰিছে তাৰ বুজ লয়। পাছত অঞ্চলটোৰ শতাধিক বানাক্ৰান্ত পৰিয়ালৰ ৰাইজৰ মাজত অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী বিতৰণ কৰে।