মুখ্য-পৃষ্ঠা

ৰিপাব্লিকৰ মুখ থেকেচা! মুম্বাই আৰক্ষীৰ পাছত এইবাৰ BARCৰ কঠোৰ স্থিতি…

asomiyapratidin

ডিজিটেল ডেস্কঃ অৱশেষত ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্জ কাউন্সিল চমুকৈ  BARCয়ে এই অভিযোগ মানি ল'বলৈ বাধ্য হ'ল যে- ব্যক্তিগত প্ৰভাৱশালী চেনেলৰ একাংশ লোকে টেলিভিজন ৰেটিং পইন্ট মেনেজ কৰি দেশত ভয়ংকৰ জালিয়াতি চলাই আছে। যাৰ ওপৰত ভিত্তি কৰি দৰ্শকৰ সংখ্যা বৃদ্ধিৰে ক'ৰ্পৰেট গ্ৰুপৰ বিজ্ঞাপনৰ বৃহৎ এক অৰ্থনৈতিক কেলেংকাৰীতো এটা চক্ৰ জড়িত হৈ আছে।

সেইবাবে বৃহস্পতিবাৰৰ পৰা তিনি মাহৰ বাবে BARC-য়ে টিআৰপিৰ কাউণ্ট সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিব লগা হৈছে। ইয়াৰ সূত্ৰপাত ঘটিছিল মুম্বাই আৰক্ষীয়ে ৰিপাব্লিক টিভি আৰু দুটা মাৰাথী চেনেলৰ বিৰুদ্ধে উত্থাপন কৰা টিআৰপি মেনিউপুলেশ্যনৰ অভিযোগৰ জৰিয়তে।

মুম্বাই আৰক্ষী আয়ুক্তই নিজেই সংবাদমেল পাতি প্রথমে এই অভিযোগ ৰাজহুৱা কৰি দিয়াৰ পাছত সমগ্ৰ দেশতে তোলপাৰ লাগে। দিল্লীৰ প্ৰভাৱ খটুৱাই আৰক্ষীৰ অভিযানক স্থবিৰ কৰিবলৈ যথেষ্ট প্ৰচেষ্টা চলাৰ অভিযোগ উঠিছিল যদিও, মুম্বাই আৰক্ষী পিছে এই ক্ষেত্ৰত আছিল দৃঢ়। BARCৰ কৰ্মচাৰীসহ কেইবাজনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল।

ইয়াৰ বিপৰীতে চমন জাৰি কৰা হৈছিল ৰিপাব্লিক টিভিৰ কাৰ্যবাহীলৈ। মুম্বাই আৰক্ষীৰ এনে পদক্ষেপক প্ৰত্যাহ্বান জনাই দেশৰ অতিকৈ প্ৰভাৱশালী সাংবাদিক অৰ্ণৱ গোস্বামীয়ে মুম্বাই আৰক্ষীক আদালতৰ কাঠগড়াত থিয় কৰোৱাৰ হুংকাৰ দিছিল যদিও, পৰৱৰ্তী সময়ত ৰিপাব্লিক টিভিয়ে আৰক্ষীৰ অনুসন্ধানত সহযোগিতা আগবঢ়াবলৈ বাধ্য হয়।

ইফালে, তথ্য প্ৰমাণসহ মুম্বাইৰ আৰক্ষী আয়ুক্তই BARCৰ লগতে তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ আৰু সংশ্লিষ্ট অন্যান্য কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে সবিশেষ অৱগত কৰাৰ পাছত BARCৰ ফালৰ পৰাও পূৰ্বৰে পৰা উত্থাপিত হৈ অহা এই অভিযোগ সন্দৰ্ভত বিষয়টো নিজাকৈ অনুসন্ধান কৰিবলৈও বাধ্য হয়। তাৰেই পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰৰ পৰা তিনি মাহৰ বাবে সমগ্ৰ দেশত টিআৰপি কাউণ্টিঙৰ বৰ্তমানৰ ব্যৱস্থাটোক বন্ধ ঘোষণা কৰিবলৈ বাধ্য হয়। অৱশ্যে অসমত উত্থাপিত হৈ অহা একেই অভিযোগ সন্দৰ্ভত BARC-য়ে কেনে ব্যৱস্থা ল'বলৈ সক্ষম হয়, সেয়া সময়তহে পৰিষ্কাৰ হ'ব।

কিন্তু সদায় উচ্চস্বৰে ক্ষমতাশালী ৰাজনীতিকক ৰাষ্ট্ৰই জানিবলৈ ইচ্ছা কৰা বুলি আঙুলি টোৱাই প্রশ্ন কৰা ৰিপাব্লিক টিভিৰ মুৰব্বী প্রখ্যাত সাংবাদিক অৰ্ণৱ গোস্বামীয়ে এইবাৰ নিজেই ৰাষ্ট্ৰক উত্তৰ দিব লগা হোৱা পৰত কেনেদৰে সেই কৰ্তব্য পালন কৰে সেয়া BARCৰ পৰৱৰ্তী পদক্ষেপতকৈও লক্ষণীয় হ'ব।