- বিহাৰৰ মুজাফ্ফৰপুৰত বেংক ডকাইতিৰ ঘটনা।
- মুজাফ্ফৰপুৰৰ গোবাৰশ্বাহী এলেকাত থকা আই চি আই চি বেংকত চলিল ডকাইতি।
- ডকাইতৰ দলে বেংকটোৰ পৰা লুটি লৈ গ'ল ৮,০৫,১১৫ টকা।
- ৬জনীয়া ডকাইতৰ দল এটাই সংঘটিত কৰে এই কাণ্ড।
- হেলমেট পৰিধান কৰি বেংকৰ ভিতৰত প্ৰৱেশ কৰিছিল ডকাইতৰ দলটোৱে।
- বেংকৰ নিৰাপত্তাত নিয়োজিত এজন চিকিউৰিটী গাৰ্ডৰ ৰাইফলো কাঢ়ি লৈ যায় দলটোৱে।
- এই সমগ্ৰ ঘটনা বন্দী হৈছে বেংকৰ চিচিটিভি কেমেৰাত।
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
- অৱশ্যে এই মুহূ্ৰ্তলৈকে ডকাইতৰ দলটোৰ সন্ধান লাভ কৰা নাই আৰক্ষীয়ে।