মুখ্য-পৃষ্ঠা

এটা ছ’চিয়েল মিডিয়াৰ পোষ্টকলৈ জ্বলিছে বাংগালুৰু, নিহত দুই

asomiyapratidin

ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াৰ এটা পোষ্টকলৈ জ্বলিছে বাংগালুৰু। এগৰাকী কংগ্ৰেছ বিধায়ক বিতৰ্কিচত পোষ্টকলৈ তীব্ৰ উত্তেজনা বাংগালুৰুত। আৰু এই বিতৰ্কিত পোষ্টকলৈয়েই মঙ্গলবাৰে নিশা উত্তেজিত লোকে বাংগালুৰুৰ পুলাকেশী নগৰৰ এজন কংগ্ৰেছ বিধায়কৰ বাসগৃহৰ লগতে আৰক্ষী চকীৰো ক্ষতিগ্ৰস্ত কৰে।

জানিব পৰা মতে ৰাজ্যখনৰ কংগ্ৰেছ বিধায়ক শ্ৰীনিৱাস মুৰ্তিয়ে ছ'চিয়েল মিডিয়াত দিছিল এটা সাম্প্ৰদায়িক মন্তব্য আৰু তাৰ পাছতেই বিধায়কগৰাকীৰ মন্তব্যত ক্ষুন্ন হৈ মঙ্গলবাৰে নিশা বিধায়ক গৰাকীৰ ঘৰত আক্ৰমণ সংঘটিত কৰে একাংশ উত্তেজিত জনতাই। উত্তেজিত লোকসকলে বিধায়কগৰাকীৰ বাসগৃহৰ সন্মুখত থকা কেইবাখনো বাহনৰ ক্ষতিগ্ৰস্ত কৰাৰ লগতে স্থানীয় থানে আৰক্ষী চকীৰ বাহনৰো ক্ষতি সাধন কৰে।

ইয়াৰ পাছতেই আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰন কৰিবৰ বাবে গুলী চালনা কৰিব লগা হোৱাত দুজন লোক নিহত হয়। প্ৰতিবাদকাৰীৰ লগত হোৱা সংঘৰ্ষত প্ৰায় অৰ্ধশতাধিক আৰক্ষীৰ প্ৰশাসনৰ লোক আহত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনা সংঘটিত হোৱাৰ পাছতেই বৰ্তমানলৈকে ১১০ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে বাংগালুৰুৰ কেইবাটাও অঞ্চলত সান্ধ্য আইন জাৰি কৰিছে। বাংগালুৰুৰ আৰক্ষী আয়ুক্ত কমল পন্তে জানিবলৈ দিয়া মতে ছ'চিয়েল মিডিয়াত দিয়া সাম্প্ৰদায়িক মন্তব্য ছেয়াৰ কৰাৰ অপৰাধত ইতিমধ্যে এজন লোকক আটক কৰিছে।