মুখ্য-পৃষ্ঠা

চলচলি অঞ্চলৰ সমাজকৰ্মী শংকৰী কলা কৃষ্টিৰ সাধক বনমালী পঞ্চাননৰ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ,চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ নিকটৱৰ্ত্তী চলচলি ৰঙীয়া গা‍ঁৱৰ সমাজকৰ্মী,শংকৰী কলা কৃষ্টিৰ সাধক বনমালী পঞ্চাননৰ আজি বিয়লি ৪.৩৫ বজাত বাধক্যজনিত কাৰণত নিজা বাসভৱনত মৃত্যু হয়।দীৰ্ঘদিন ধৰি অঞ্চলৰ গায়ন,সুত্ৰধাৰ হিচাপে সমাজৰ সেৱা আগবঢ়োৱা শংকৰী কলা কৃষ্টিৰ সাধক বনমালী পঞ্চাননৰ মৃত্যুত বৃহত্তৰ চলচলি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

পত্নীসহ দুজন পুত্ৰ ,জী-জোৱাই নাতিনী সহ বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যোৱা বনমালী পঞ্চাননৰ মৃত্যুত চলচলি প্ৰাথমিক ব্ৰাক্ষণ সমাজ,চলচলি সাৰ্বজনীন দুৰ্গোৎসৱ উদযাপন সমিতি,চলচলি ৰঙীয়াগাঁও বৰ নামঘৰ, জয়ন্তী পুথিভড়াল,পুৰণিগুদাম প্ৰেছ ক্লাৱ,চলচলি শাখা সাহিত্য সভা আদিকে ধৰি বহু কেইটা অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

বৃহত্তৰ চলচলি, পুৰণিগুদাম অঞ্চলৰ বিভিন্ন নামঘৰত গায়ন ,সুত্ৰধাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰা এই গৰাকী ব্যক্তিক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ইতিমধ্যে সম্বৰ্ধনা জনাই আহিছে।যোৱা ১৫ এপ্ৰিলত অসমীয়া নতুন বছৰত পুৰণিগুদাম প্ৰেছ ক্লাৱ আৰু চলচলি শাখা সাহিত্য সভাই নিজা বাসভৱনতে সম্বৰ্ধনা জনাইছিল।