মুখ্য-পৃষ্ঠা

বামুণীমৈদামৰ গুৰুজনাৰ আৰ্বিভাৱ তিথিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী, নিশালৈ ভাওনা প্ৰদৰ্শন, চাওক VIDEO…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ মঙলবাৰে সমগ্ৰ ৰাজ্যত একেলগে উদযাপিত হল ২ টাকৈ উৎসৱ। এফালে বিজয়া দশমী আৰু আনফালে গুৰুজনাৰ আৰ্বিভাৱ তিথি। ৰং-ৰইছৰ সমান্তৰালকৈ সমগ্ৰ ৰাজ্য মুখৰিত হল গুৰু বন্দনাৰে। এইক্ষেত্ৰত পিছপৰি নাথাকিল গুৱাহাটী মহানগৰীও। ঠায়ে ঠায়ে নামঘৰ সমূহত গুৰুজনাৰ জন্মতিথি ভাগ নাম-প্ৰসঙ্গৰ মাজেৰে সকলোৱে উদযাপন কৰিলে ।

বিগত বছৰ সমূহৰ দৰে এইবাৰো বামুনীমৈদাম জ্যোতিনগৰ শ্ৰীমন্ত শংকৰদেৱ সমাজৰ উদ্যোগত আটোম টোকাৰিকৈ ৩ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৫৭১ সংখ্যক আৰ্বিভাৱ মহোৎসৱ। যোৱা ৭ অক্টোবৰৰে পৰা আৰম্ভ হোৱা মহোৎসৱখনিৰ আজি(৮ ছেপ্তেম্বৰ)দ্বিতীয় দিন।

দ্বিতীয় দিনাৰ এই কাৰ্যসূচীত পুৱাই উৰ্ষা কীৰ্ত্তনেৰে আৰম্ভ হয় দ্বিতীয় দিনাৰ কাৰ্যসূচী। পুৱা ৯.৩০ বজাত ভাগৱত লৈ এক শোভাযাত্ৰা উলিয়ায় আয়োজক সমিতিয়ে। প্ৰায় ২ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে ভাগ লয় এই শোভাযাত্ৰা কাৰ্যসূচীত।

দিনৰ ভাগৰ এই কাৰ্যসূচীৰ পাচতে সন্ধিয়াভাগলৈ এই বৰ্ষৰ স্মৃতিগ্ৰন্থ মণিকূট উন্মোচনৰ লগতে মঞ্চস্থ কৰা হয় 'বিপ্ৰ দামোদৰ আখ্যান দন্তব্ৰক্ৰ মুক্তিলাভ' শীৰ্ষক এখনি ভাওনা প্ৰদৰ্শন কৰা হয়।

নৃগোষ্ঠীয় সাংস্কৃতিক মঞ্চৰ শিল্পীসকলে পৰিৱেশন কৰে এই ভাওনাখনি।

সন্ধিয়াৰ স্মৃতিগ্ৰন্থ 'মণিকূট' উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। জ্যোতিনগৰ শ্ৰীমন্ত শংকৰদেৱ সমাজৰ কীত্তনঘৰত মুখ্যমন্ত্ৰী সোণোৱাল উপস্থিত হোৱাৰ লগে লগে গায়ন-বায়নেৰে আদৰণি জনায়।

অনুষ্ঠানটিত উপস্থিত হৈয়ে পোনে পোনে মুখ্যমন্ত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ সমাজৰ কীৰ্ত্তন ঘৰত থকা নামঘৰত সেৱা লয়।

সন্ধিয়া ৭.৩০ বজাত মুখ্যমন্ত্ৰী অনুষ্ঠানত উপস্থিত হোৱাৰ কথা আছিল যদিও প্ৰায় ৮ বজাতহে মহোৎসৱস্থলীত উপস্থিত হয়। মু্খ্যমন্ত্ৰীৰ লগতে অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটা আৰু অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা।

এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে বন্তি প্ৰজ্বনল কৰাৰ লগতে উন্মোচন কৰে এই বৰ্ষৰ স্মৃতিগ্ৰন্থ মণিকূট।

অনুষ্ঠানত ভাষণৰ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৰুজনাৰ প্ৰতি প্ৰণিপাত জনাই কয়- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান আদৰ্শ আৰু অতুলনীয় সৃষ্টিৰাজি আমাৰ বাবে অমূল্য সম্পদ। গুৰুজনাৰদ্বাৰা সৃষ্ট ভাওনা আমাৰ চহকী কৃষ্টি-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। স্কুলীয়া ছাত্র-ছাত্ৰীৰ সন্মুখত ভাওনা অনুষ্ঠিত কৰি ইয়াৰ প্ৰসাৰৰ ক্ষেত্ৰত উপযুক্ত পদক্ষেপ ল'বলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰক আহ্বান জনালোঁ। এইধৰণৰ পদক্ষেপে গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিক আগুৱাই লৈ যোৱাৰ বাবে নতুন প্ৰজন্মক প্ৰেৰণা যোগাব।

এই অনুষ্ঠানৰ পাচতে নৃগোষ্ঠীয় সাংস্কৃতিক মঞ্চৰ শিল্পীসকলে পৰিৱেশন কৰে বিপ্ৰ দামোদৰ আখ্যান দন্তব্ৰক্ৰ মুক্তিলাভ শীৰ্ষক ভাওনাখনি। মাজনিশা লৈকে প্ৰায় ৩ সহস্ৰাধিক দৰ্শকে উপভোগ কৰে ভাওনাখনি।

মাজনিশালৈকে এই ভক্তপ্ৰাণ ৰাইজৰ সৈতে ভাওনা উপভোগ কৰিলে জয়ন্তমল্ল বৰুৱা, পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে অভিনেত্ৰী মাধুৰিমা গগৈ আৰু গায়ত্ৰী মহন্তই।