মুখ্য-পৃষ্ঠা

বালাকোটত চলোৱা এয়াৰ ষ্ট্ৰাইকক লৈ কি ক’লে অক্ষয় কুমাৰে…

asomiyapratidin

ডিজিটেল ডেস্কঃ পুলৱামা ঘটনাৰ পাছত ভাৰতীয় বায়ু সেনাই বালাকোটত চলাইছিল এয়াৰ ষ্ট্ৰাইক। বালাকোটৰ জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী শিবিৰত চলোৱা এয়াৰষ্ট্ৰাইকৰ পাছত মোডী চৰকাৰে প্ৰায় ২৫০ সন্ত্ৰাসবাদী নিহত হোৱা বুলি ঘোষণা কৰিছিল। কিন্তু তাৰপাছতেই এই সন্ত্ৰাসবাদীৰ নিহত সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰমাণ বিচাৰে বিৰোধী পক্ষই।

ইফালে, এয়াৰ ষ্ট্ৰাইকৰ প্ৰমাণ বিচৰাক লৈ সৰৱ হৈ উঠে অভিনেতা অক্ষয় কুমাৰ। অভিনেতাগৰাকীয়ে কয় যে- 'বীৰ জোৱানসকলে দেশৰ বাবে প্ৰাণ আহুতি দিয়ে। তেনে স্থলত প্ৰমাণ বিচৰাটো ভুল। মোক কোনো প্ৰমাণ নালাগে আৰু কোনেও এই ক্ষেত্ৰত প্ৰমাণ নিবিচৰাটো ভুল। দেশৰ বীৰ জোৱানসকলে নিজৰ সকলো সুখ ত্যাগ কৰি সীমান্তৰ পৰা আমাক সুৰক্ষা প্ৰদান কৰে। তেন্তে জোৱানসকলৰ বীৰত্বক লৈ আমি কেনেকৈ প্ৰমাণ বিচাৰিব পাৰো?'

লগতে অক্ষয় কুমাৰে জনায় ভাৰতৰ জোৱানসকলৰ জৰিয়তে দেশৰ শ্বহীদৰ পৰিয়ালক সহায় কৰাৰ কথা। বৰ্তমান প্ৰায় ৬০০জন শ্বহীদৰ পৰিয়ালক সহায় কৰিছে অভিনেতাগৰাকীয়ে। প্ৰতিটো শ্বহীদ পৰিয়ালক ১৫ লাখ টকাকৈ সাহায্য দি আহিছে অক্ষয়ে।