Drugs
Drugs 
মুখ্য-পৃষ্ঠা

বাক্সাৰ শালবাৰীত তিনি গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক...

Asomiya Pratidin

ডিজিটেল সংবাদ,বাক্সাঃ অসম আৰক্ষীৰ ড্ৰাগছ, বাৰ্মিজ চুপাৰি আদি অবৈধ সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সময়তে শালবাৰী বড়ো বজাৰৰ পৰা বাক্সা আৰক্ষীয়ে অভিযান চলাই আটক কৰে হাহচৰাৰ তনুধৰ বসুমতাৰী , ৰূপহীৰ প্ৰিয়ম খেৰকটাৰী আৰু বাঘমাৰাৰ হিতেশ গয়াৰী নামৰ তিনিগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক ।

drugs

আৰক্ষীৰ দলটোৱে ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা উদ্ধাৰ কৰে ১৯.৭০ গ্ৰাম হেৰ'ইন, এটা ড্ৰাগছ লোৱা চিৰিঞ্জ , ৩৯ টা কনটেইনাৰ , এখন AS-15N 9273 নম্বৰৰ ৰয়েল এনফিল্ড আৰু AS-15 T 6871 নম্বৰৰ কে টি এম বাইকসহ দুটা মোবাইল ফোন , বহু আপত্তিজনক সামগ্ৰী। সম্প্ৰতি শালবাৰী আৰক্ষীয়ে 52/22/21A27Bআইনত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।