মুখ্য-পৃষ্ঠা

বাক্সা জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত ৰচনা প্ৰতিযোগিতা…

asomiyapratidin

ডিজিটেল সংবাদ, বাক্সাঃ ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চাই আয়োজন কৰিছিল "সেৱা সপ্তাহ"। সেৱা সপ্তাহত গ্ৰহণ কৰি আহিছে বিভিন্ন কাৰ্যসূচী। তাৰ ভিতৰত অন্যতম কাৰ্যসূচী আছিল ছাত্র-ছাত্ৰীৰ মাজত থিতাতে লিখা ৰচনা প্ৰতিযোগিতা। আজি বাক্সা জিলাৰ সদৰ মুছলপুৰস্থিত শংকৰদেৱ শিশু নিকেতনত জিলা যুৱ মৰ্চাৰ কাৰ্যকৰ্তা সকলে আয়োজন কৰে এখনি ৰচনা প্ৰতিযোগিতাৰ। প্ৰতিযোগিতাৰ বিষয় আছিল "স্বামী বিবেকানন্দৰ জীৱন আৰু কৃতিত্ব"।

উক্ত প্ৰতিযোগিতাত অংশগ্রহণ কৰি ছাত্র-ছাত্ৰী সকলে নিজস্ব দক্ষতাৰে ৰচনা সমূহ লিখে। শেষত বিচাৰকে থিতাতেই ৰচনা সমূহ বিচাৰ কৰি দুগৰাকীক প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ বিজেতা হিচাপে ঘোষণা কৰে। প্রথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্র প্ৰাচুৰ্য্য তালুকদাৰে আৰু দ্বিতীয় পুৰস্কাৰ বুটলিবলৈ সক্ষম হয় দশম শ্রেণীৰ ছাত্রী তৰালী ডেকাই।

উল্লেখনীয় যে থিতাতেই বাক্সা জিলা বিজেপিৰ সভাপতি শৰৎ শৰ্মাৰ উপস্থিতিত তেখেতৰ হাতেৰে বঁটাও বিতৰণ কৰে। শেষত প্ৰতিযোগিতাখনি পৰিচালনা কৰা নিকেতনৰ আচার্য ক্ৰমে সুৱল কলিতা, জুনুকা কলিতা, নিৰদা দাস, ৰহিলা ব্ৰহ্ম, দিলীপ বায়ন আৰু জিণ্টুমণি দাসক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়। বাক্সা জিলা বিজেপিৰ সভাপতি শৰৎ শৰ্মাই ছাত্র-ছাত্ৰীক উদ্দেশ্য কৰি কয় যে পুৰস্কাৰ বুটলিবলৈ সক্ষম নহ'লেও দুঃখ কৰিব নালাগে, আমি খেলত অংশগ্রহণ কৰিব লাগে।