মুখ্য-পৃষ্ঠা

বাজপেয়ী আৰু নাই

asomiyapratidin

১৬ আগষ্টৰ ৬.২৫ বজাতঃ বাজপেয়ীৰ মৃত্যুত গভীৰ  শোক ব্যক্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ।

১৬ আগষ্টৰ ৬.১০ বজাতঃ দিল্লীত কেন্দ্ৰীয় কেবিনেটৰ জৰুৰী বৈঠক আৰম্ভ।

১৬ আগষ্টৰ ৬.০৬ বজাতঃ আমাৰ মাজত আৰু অটল জী নাই। এয়া আমাৰ বাবে অতি দুখৰ মুহূৰ্ত। কিছু সময় পাছতে তেওঁৰ নশ্বৰ দেহ তেওঁৰ বাসগৃহলৈ লৈ যোৱা হ'ব। তাতেই বাজপেয়ীৰ  প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব।

১৬ আগষ্টৰ ৬.০৪ বজাতঃ উড়িষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক গৈ উপস্থিত এইমছত।

১৬ আগষ্টৰ ৬.০০ বজাতঃ বাজপেয়ীৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিলে ৰাহুল গান্ধীয়ে। দেশে এজন মহান নেতা হেৰুৱালে বুলি উল্লেখ কৰি তেওঁ আত্মাৰ সদগতিৰ কামনাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

১৬ আগষ্টৰ ৫.৩৫ বজাতঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ মৃত্যুত  গভীৰ শোক ব্যক্ত কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

১৬ আগষ্টৰ ৫.৩৪ বজাতঃ  বাজপেয়ীৰ মৃত্যুত শোক ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোডীৰ টুইট।

১৬ আগষ্টৰ ৫.৩০ বজাতঃ এইমছৰ কৰ্তৃপক্ষই এক বিবৃতিযোগে জনাই যে, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু নাই। আবেলী ৫.০৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।