ডিজিটেল ডেস্কঃ আজি বাজপেয়ীৰ মহাপ্ৰস্থানৰ পাছত তেওঁৰ নাম কোনেও লোৱা নাই। কিন্তু এইজন অসমীয়া আই এ এছ বিষয়াৰ সৈতে তদানীন্তন প্ৰধানমন্ত্ৰী বাজপেয়ী আছিল অতি ঘনিষ্ঠ। ১৯৭১ চনত অসম-মেঘালয় কেডাৰত আই এ এছ বিষয়াগৰাকীক প্ৰধানমন্ত্ৰী কাৰ্যালয়ত অতি গুৰুত্বপূৰ্ণ অতিৰিক্ত সচিবৰূপে নিযুক্তি দিছিল বাজপেয়ীয়ে।
তেওঁ শিক্ষা, কৃষিকে ধৰি বিষয়াসকলক অদল-বদল আৰু নিযুক্তি দিয়া তথা আন গুৰুত্বপূৰ্ণ বিষয়সমূহ চোৱাচিতা কৰিছিল। প্ৰধানমন্ত্ৰী বাজপেয়ীৰ সৈতে তেওঁ ইমান ঘনিষ্ঠ আছিল যে তেতিয়াৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত বিনা অনুমতিত প্ৰৱেশ কৰিব পৰা বিষয়া আছিল কেৱল তেওঁ।
বাজপেয়ীয়ে অতি বিশ্বাস কৰা এই বিষয়াগৰাকীয়ে বাজপেয়ীৰ বাসগৃহলৈ আবেলি প্ৰায়ে গৈছিল। প্ৰধানমন্ত্ৰী হৈ থকা অৱস্থাত বাজপেয়ীয়ে সকলো কথাতে পৰামৰ্শ লৈছিল বিষয়াগৰাকীৰ পৰা।
এদিন নিশা ৯ বজাত বাজপেয়ীয়ে তেওঁক কৈছিল- 'পিছদিনা দিবলগীয়া ভাষণটো মোৰ ভাল লগা নাই। কোন আছে আপুনি চাওঁক'। যদিও সেয়া তেখেতৰ কাম নাছিল, কিন্তু ৰাতি ১১বজালৈকে থাকি প্ৰধানমন্ত্ৰীয়ে বিচৰাৰ দৰে ভাষণ প্ৰস্তুত কৰি দিছিল এই বিষয়াগৰাকীয়ে। সেই সময়ত অতি প্ৰভাৱশালী আৰু ক্ষমতাশালী বিষয়া আছিল তেওঁ।
কিন্তু সেই ক্ষমতা এই অসমীয়া আই এ এছ বিষয়াগৰাকীয়ে অপব্যৱহাৰ কৰা নাছিল। অৱশ্যে তেওঁ সেই সময়ৰ বহু বিষয়াই হিংসা কৰিছিল। অথচ বাজপেয়ীৰ লগত দিনৰ দিনটো উঠা-বহা কৰা বিষয়াজনৰ তেতিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে মাত্ৰ ফটো তুলিছিল দুখন। তেওঁৰ ব্যক্তিগত এলবামত থকা সেই দুখন বিশেষ ফটো হ'ল- এখন বাজপেয়ীৰ সৈতে কথা পাতি হাঁহি থকা আৰু আন এখন বাজপেয়ীৰ চিকিৎসালয়ত অপাৰেশ্যন হৈ যোৱা সময়ত তেওঁৰ কাষত থকা ফটো।
অৱসৰৰ কিছুদিনৰ পাছতেই হৃদ ৰোগত আক্ৰান্ত হৈছিল এইগৰাকী বিষয়া। অস্তোপ্ৰচাৰ সম্পন্ন হৈছিল যদিও, ইহঃলীলা সম্বৰণ কৰিলে সৎ বিষয়াগৰাকীয়ে। বাজপেয়ীৰ বহু কামৰ মূল মানুহ আছিল এইগৰাকী অসমীয়া বিষয়া।
এক কথাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত বাজপেয়ীয়ে ব্ৰিজেশ মিশ্ৰ আৰু তেওঁৰ সৈতে আলোচনা কৰিহে লৈছিল। অতি দক্ষ আৰু মেধাবী এই বিষয়াগৰাকী বাজপেয়ীৰ পৰিয়ালৰ সদস্যৰ দৰে আছিল। তেওঁৰ নাম আছিল অশোক শইকীয়া।