মুখ্য-পৃষ্ঠা

কেজৰিৱালৰ শপতগ্ৰহণ অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব ‘দ্য বেবি মাফলাৰ মেন’

asomiyapratidin

ডিজিটেল ডেস্কঃ দেওবাৰে শপতগ্ৰহণ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। এই উপলক্ষ্যে দিল্লীৰ ৰামলীলা মৈদানত আয়োজন কৰা হৈছে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ। তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কেজৰিৱালে শপত ল'ব লগা অনুষ্ঠানটোলৈ নিমন্ত্ৰণ লাভ কৰিছে এগৰাকী বিশেষ অতিথিয়ে। যিগৰাকী অতিথিয়ে নিৰ্বাচনৰ ভোটগণনা দিনৰ পৰা ছ'চিয়েল মিডিয়াত সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

এই বিশেষ অতিথি গৰাকী আন কোনো নহয়, এটি এবছীয়া শিশু। যাক বৰ্তমান সময়ত সকলোৱে 'বেবি মাফলাৰমেন' নামেৰে নামাকৰণ কৰিছে। ৭০খন বিধানসভা সমষ্টি থকা দিল্লীত ৬২খন আসন লাভ কৰিবলৈ সক্ষম হৈছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টীয়ে। আপৰ এই বিজয়ক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে দেশৰ ভিন্ন প্ৰান্তৰ অগণন লোকে।

মঙলবাৰৰ ভোটগণনাৰ দিনাৰ পুৱাৰ পৰা মাফলাৰৰ সৈতে দিল্লীৰ ৰাজপথত ঘূৰি চৰ্চিত হোৱা শিশুটিৰ নাম অভ্যান তমাৰ। তেওঁ এগৰাকী আপ কৰ্মীৰ সন্তান। মাত্ৰ কেজৰিৱালৰ বিজয়ৰ সময়ত ছ'চিয়েল মিডিয়াত চৰ্চিত হোৱাই নহয়, এইগৰাকী শিশুৱে সেইদিনাই বিয়লিৰ ভাগত কেজৰিৱালৰ ঘৰত আন লোকসকলৰ সৈতে মিঠাই খাই আনন্দ কৰাও দেখিবলৈ পোৱা গৈছিল।