মুখ্য-পৃষ্ঠা

২০২৪ ৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী পদৰ বাবে শক্তিশালী প্ৰাৰ্থী মমতা বেনাৰ্জী….

asomiyapratidin

ডিজিটেল ডেস্কঃ সদ্য সমাপ্ত পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচনত পুনৰবাৰ বিজয় সাব্যস্ত কৰাৰ পিছতেই মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছলৈ আগমণ ঘটিছে বহু বিজেপি নেতাৰ। শনিবাৰে বিজেপি নেতা বাবুল সুপ্ৰিয়ই যোগদান কৰিলে বিজেপিত।

বি জে পি এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰা বাবুল সুপ্ৰিয়ই সোমবাৰে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰিব। কেইদিনমান পূৰ্বে এইগৰাকী বাবুল সুপ্ৰিয়ই মমতাক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী পদৰ বাবে আটাইতকৈ শক্তিশালী প্ৰাৰ্থী বুলি ঘোষণা কৰিছিল।

তেওঁ কৈছিল যে তেওঁ টি এম চিলৈ উভতি আহি কোনো ইতিহাস সৃষ্টি কৰা নাই। মই দলটোৰ ১১ জন খেলুৱৈৰ মাজত থাকিব বিচাৰিছো। এই সুযোগটো মোক তৃণমূলে দিছে, সেয়েহে মই টি এম চিত যোগদান কৰিছো।