মুখ্য-পৃষ্ঠা

বাবৰি মছজিদ ধ্বংস গোচৰত ৩০ ছেপ্টেম্বৰত ৰায় প্ৰদান কৰিব ন্যায়ালয়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ বাবৰি মছজিদ ধ্বংস গোচৰত লক্ষ্ণৌত চিবিআইৰ স্পেচিয়েল ক'ৰ্টে ৩০ ছেপ্টেম্বৰত ৰায় প্ৰদান কৰিব। ন্যায়ালয়ে এই গোচৰত ৩২জন মুখ্য অভিযুক্তক শুনানি গ্ৰহণৰ দিনা হাজিৰ থাকিবলৈ নিৰ্দেশ দিছে। অভিযুক্তসকলৰ ভিতৰত আছে বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানী, ওমা ভাৰতী, মুৰুলী মনোহৰ যোশী আৰু কল্যাণ সিং।

উল্লেখ্য যে, এই গোচৰৰ ৰায় প্ৰদান কৰিব চিবিআই স্পেচিয়েল ন্যায়ালয়ৰ ন্যায়াধীশ এছ কে যাদৱে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে  ২২ আগষ্টত ন্যায়াধীশে শুনানি গ্ৰহণৰ সময়ত ষ্টেটছ ৰিপৰ্ট চোৱাৰ পাছত এই শুনানি সম্পূৰ্ণ কৰাৰ বাবে এমাহ অৰ্থাৎ ৩০ ছেপ্টেম্বৰলৈ সময়সীমা বৃদ্ধি কৰিছিল।