মুখ্য-পৃষ্ঠা

বদৰুদ্দিন আজমল আণ্ডাৰ মেট্ৰিকঃ জাবেদ ইছলাম

asomiyapratidin

ডিজিটেল সংবাদ, ধুবুৰীঃ নিৰ্বাচন চমু চপাৰ লগে লগে ধুবুৰীত মুখ চুপতি আৰু বোকা ছটিওৱা ৰাজনীতি ক্ৰমাৎ গৰম হৈ আহিছে। ৰাজনৈতিক নেতাই সমাজৰ উন্নয়নৰ ৰাজনীতি পাহৰি বৰ্তমান ইজনে সিজনৰ মাজত বোকা চটিওৱা ৰাজনীতি আৰম্ভ কৰি ৰাইজক বিপথে পৰিচালিত কৰি ভোটৰ ৰাজনীতি কৰি অহা দেখা গৈছে। শেহতীয়াকৈ ভাষা জ্ঞান আৰু শিক্ষাগত অৰ্হতাক লৈ বদৰুদ্দিন আজমল আৰু জাবেদ ইছলামৰ মাজত চলিছে তুমুল বাকযুদ্ধ আৰম্ভ হৈছে।

উল্লেখযোগ্য যে, যোৱা ১৩ এপ্ৰিলত বদৰুদ্দিন আজমলে গোলকগঞ্জৰ বেলগুৰিত অনুষ্ঠিত কৰা এখন নিৰ্বাচনী জনসভাত আজমলে মিত্ৰজোঁটৰৰ প্ৰাৰ্থী জাবেদ ইছলাম আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ শিক্ষাগত অৰ্হতা নাই বুলি কোৱাৰ বিপৰীতে ইংৰাজী আৰু হিন্দী ভাষা জ্ঞান নাই বুলি এক চাঞ্চল্যকৰ মন্তব্য কৰি ইংৰাজী ভাষাত আধা ঘণ্টাৰ ভাষণ দিবলৈ প্ৰত্যাহ্বান জনাইছিল আজমলে।

ইপিনে তিনি দিনমান পিছত বুধবাৰে সন্ধিয়া ধুবুৰীৰ কলেজ নগৰত অগপ বিজেপি আৰু বিপিএফ মিত্ৰ দলে অনুষ্ঠিত কৰা এখন নিৰ্বাচনী সভাত মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামে নিজৰ ভাষণত আজমলৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি তেওঁ কয়- 'আজমল নিজেই এজন আণ্ডাৰ মেট্ৰিক। লগতে বদৰুদ্দিন আজমলে পঞ্চম মান শ্ৰেণী উত্তীৰ্ণ নোহোৱাৰো সন্দেহ প্ৰকাশ কৰে মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামে। আনহাতে নিজকে স্নাতক ডিগ্ৰীধাৰী বুলি দাবী কৰি ইংৰাজৰ ইংৰাজী ভাষা কবই লাগিব বুলি কোনো কথা আছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে জাবেদ ইছলামে। লগতে আজমল বৰ্তমান গণভিত্তি হেৰুৱাই পেলাইছে আৰু মিত্ৰ দলৰ বিজয়ৰ পথ পৰিষ্কাৰ হৈছে বুলি দাবী কৰে জাবেদ ইছলামে।'