মুখ্য-পৃষ্ঠা

অন্ত পৰিল মণিশংকৰ আয়াৰৰ বনবাস!

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বাবে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰা নিলম্বন কৰা হৈছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মণিশংকৰ আয়াৰক। শেহতীয়াকৈ আয়াৰৰ এই নিলম্বনৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিছে কংগ্ৰেছ নেতৃত্বই।

গুজৰাট নিৰ্বাচনৰ সময়ত আয়াৰে প্ৰধানমন্ত্ৰী মোডীক 'নীচ' আখ্যা দিছিল। এই বিতৰ্কিত মন্তব্যৰ বাবে বিজেপিয়ে কংগ্ৰেছক আক্ৰমণ কৰিছিল আৰু কংগ্ৰেছ দলৰ নেতৃত্বক যথেষ্ট শলঠেকত পেলাইছিল। ইয়াৰ পাছতেই মণিশংকৰ আয়াৰক ক্ষমা খুজিবলৈ কৈছিল ৰাহুল গান্ধীয়ে।

ৰাজনৈতিক পাকচক্ৰত পৰি আয়াকৰক দলৰ পৰা কংগ্ৰেছ নেতৃত্বই নিলম্বন কৰিছিল যদিও পুনৰ দললৈ ঘূৰাই আনে ১৮ আগষ্টত। আয়াৰৰ নিলম্বন প্ৰত্যাহাৰ কৰাৰ সন্দৰ্ভত কংগ্ৰেছ তথা আয়াৰৰ দাবী যে তেওঁ হিন্দী ভালদৰে ক'ব নোৱাৰাৰ বাবে এই ভুল হৈছিল।

ইফালে, বিজেপিয়ে মণিশংকৰ আয়াৰৰ নিলম্বন প্ৰত্যাহাৰৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বিজেপিয়ে কংগ্ৰেছক প্ৰশ্ন কৰে যে, যিজন ৰাহুল গান্ধীয়ে স্পষ্টভাৱে কৈছিল- আয়াৰৰ এনে মন্তব্য সমৰ্থন নকৰে, তেনে লোকৰ স্থান দলত নাই। একেজন ৰাহুল গান্ধীৰ নিৰ্দেশতে এতিয়া আয়াৰক দললৈ ঘূৰাই অনা হৈছে।

বিজেপিয়ে আয়াৰৰ অবিহনে কংগ্ৰেছ আধৰুৱা নেকি বুলি প্ৰশ্ন কৰে। আনহাতে, বিজেপিৰ এচাম নেতাই এই বিষয়টো সন্দৰ্ভত টিপনী দি কৈছে- বনবাসলৈ পঠাইছিল মণিশংকৰ আয়াৰক। এতিয়া শেষ হোৱাত ঘূৰি আহিছে ঘৰলৈ।