মুখ্য-পৃষ্ঠা

মই আজি নিজকে ‘দোষমুক্ত’ অনুভৱ কৰিছো, সকলোৱে বিচৰা ধৰণৰ এক ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়েঃ কে কে মহম্মদ

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় পুৰাতত্ব সৰ্বেক্ষণ অৰ্থাৎ এএছআইৰ প্ৰাক্তন সঞ্চালক কে কে মহম্মদে শনিবাৰে অযোধ্যা গোচৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ক আদৰণি জনাই সকলোৱে বিচৰা ধৰণেই এক ৰায় ন্যায়ালয়ে প্ৰদান কৰিছে বুলি মন্তব্য কৰে। এএছআইৰ তৰফৰ পৰা ন্যায়ালয়ত দাখিল কৰা তথ্য প্ৰমাণৰ ভিত্তিত অযোধ্যাৰ বিবাদিত ভূমিত পূৰ্বে মন্দিৰ থকাৰ নিশ্চয়তা ন্যায়ালয়ে লাভ কৰা বুলিও মন্তব্য কৰে কে কে মহম্মদে।

উল্লেখ্য যে, এএছআইৰ প্ৰাক্তন সঞ্চালক কে কে মহম্মদে পূৰ্বৰে পৰাই অযোধ্যাৰ বিবাদিত ভূমিত পূৰ্বে মন্দিৰ থকা বুলি দাবী কৰি আহিছিল। সেই স্থানত পুনৰ মন্দিৰ নিৰ্মাণ হোৱাৰ সপক্ষত তেওঁ মন্তব্য কৰি অহাৰ বাবে তেওঁৰ সম্প্ৰদায়ৰ তৰফৰ পৰা ভাবুকিও লাভ কৰিব লগা হৈছিল। শনিবাৰে উচ্চতম ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়দানৰ পিছত মহম্মদে সংবাদ মাধ্যমৰ সন্মুখত কয়, 'মই আজি নিজকে 'দোষমুক্ত' অনুভৱ কৰিছো। অযোধ্যাৰ বিবাদিত ভূমিত পূৰ্বে মন্দিৰ থকা বুলি দাবী কৰা বাবে মই নিজৰে সম্প্ৰদায়ৰ ৰোষত পৰিবলগা হৈছিল। আজি ন্যায়ালয়ে যি ৰায় প্ৰদান কৰিছে, সেয়া সকলোৱে বিচৰা ধৰণৰ এক ৰায়।'

প্ৰণিধানযোগ্য যে, কেৰালাৰ কালীকোটৰ নিৱাসী কে কে মহম্মদে এএছআইৰ বি বি লাল নেতৃত্বাধীন দলৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য আছিল। তেওঁ ১৯৭৬ চনত ৰাম জন্মভূমি সম্পৰ্কীয় পুৰাতাত্বিক খনন কাৰ্য চলোৱা দলটোৰো অংশ আছিল যদিও ৰাম জন্মভূমি সন্দৰ্ভত কৰা মন্তব্যৰ বাবে তেওঁ বিভাগীয় তদন্তৰো সন্মুখীন হ'বলগা হৈছিল।