মুখ্য-পৃষ্ঠা

যশস্বী নাট্যকাৰ ভোলা কটকীক মৰণোত্তৰভাৱে প্ৰদান 'মঞ্চৰত্ন' উপাধি

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাট: যশস্বী নাট্যকাৰ,প্ৰবীন চলচিত্ৰ অভিনেতা,বিভ্ৰাট নাটক খ্যাত,ভ্ৰাম্যমাণ নাট্যজগতৰ ভোটাতৰা স্বৰূপ ভোলা কটকীক মৰণোত্তৰভাৱে প্ৰদান কৰা হয় 'মঞ্চৰত্ন' উপাধি।জামুগুৰিহাটৰ সুদৰ্শন সাংস্কৃতিক কেন্দ্ৰ,নতুন সাহিত্য পৰিষদ আৰু ড্ৰীম-৯২ য়ে যৌথভাৱে প্ৰদান কৰে এই সন্মান।

জামুগুৰিহাটৰ বাপুজী ভৱণত এই উদ্দেশ্যে অনুষ্ঠিত হোৱা এখন গাম্ভীৰ্যপূৰ্ণ সভাত প্ৰয়াত ভোলা কটকীক মৰণোত্তৰভাৱে প্ৰদান কৰা এই উপাধি গ্ৰহণ কৰে ভোলা কটকীৰ পৰিয়ালবৰ্গই। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট অভিনেতা তথা তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই প্ৰয়াত ভোলা কটকী অসমৰ নাট্যজগতৰ এগৰাকী মহিৰূহ আছিল বুলি মন্তব্য কৰে।

উল্লেখ্য জামুগুৰিহাটৰ সংগীয়া মাজৰ চুক গাঁও নিবাসী ভোলা কটকীয়ে যোৱা ৪ ডিচেম্বৰত গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰিছিল।

আৰু পঢ়ক: চাৰিওফালে কেৱল বৰফ! অসুস্থ ৮০ বছৰীয়া বৃদ্ধাক উদ্ধাৰ কৰিলে ভাৰতীয় জোৱানে...