মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত হিমস্খলনৰ পৃথক পৃথক ঘটনাত ৩ সেনা জোৱানহস ৮ জনৰ মৃত্যু, এজন সেনা জোৱান সন্ধানহীন

asomiyapratidin

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ মাছিল চেক্টৰত সংঘটিত হোৱা হিম স্খলনৰ পৃথক পৃথক ঘটনাত ৩ গৰাকী সেনা জোৱানসহ মুঠ ৮ জন লোকৰ মৃত্যু ঘটিছে। ইফালে এই ঘটনাত সন্ধানহীন হৈ আছে এজন সেনা জোৱান।

প্ৰতিৰক্ষা বিভাগৰ এক সূত্ৰই সদৰী কৰা মতে, এলঅ'চিৰ লগতে মাছিল চেক্টৰত সেনাৰ এটা চাউনীত সংঘটিত হোৱা হিমস্খলনৰ ফলত আবদ্ধ হৈ পৰিছিল ৫গৰাকী সেনা জোৱান। এই ঘটনাৰ পিছত উদ্ধাৰকাৰী দলে ৩ গৰাকী সেনা জোৱানক মৃত অৱস্থাত আৰু এগৰাকীক আহত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আন এগৰাকী জোৱান এতিয়াও সন্ধানহীন হৈ আছে।

ইফালে আৰক্ষী সূত্ৰই সদৰী কৰা মতে, সোমবাৰে নিশা জম্মু-কাশ্মীৰৰ গান্দৰবল জিলাতো হিমস্খলন ঘটে। এই ঘটনাত ৫ জন নাগৰিক নিহত হোৱাৰ লগতে ৪ জন গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। আনহাতে কাশ্মীৰৰ গুলমাৰ্গত বৰফত পিচল খাই ৰাজেন্দ্ৰ সিং নেগী নামৰ ভাৰতীয় সেনাৰ এজন হাৱদাল পাকিস্তান সীমাত বাগৰি পৰা বুলিও প্ৰতিৰক্ষা বিভাগৰ সূত্ৰটোৱে সদৰী কৰিছে।