মুখ্য-পৃষ্ঠা

প্ৰতিদিনে জমা কৰক মাত্ৰ ৭টকা আৰু লাভ কৰক মাহিলী ৫০০০টকাৰ পেন্সন…

asomiyapratidin

ডিজিটেল ডেস্কঃ ক্ষুদ্ৰ সঞ্চয় বৃহৎ লাভ, প্ৰতিদিনে ৭টকাকৈ জমা কৰি ৬০বছৰ বয়সৰ পাছত লাভ কৰক প্ৰতিমাহে ১০০০ টকাৰ পৰা ৫০০০ হাজাৰ টকা পৰ্যন্ত পেন্সন। ২০১৫চনৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত আৰম্ভ হোৱা এই আঁচনি অটল পেন্সন যোজনাৰ অন্তৰ্গত। প্ৰাপ্ত খবৰ অনুসৰি এই আচঁনি, স্বাৱলম্বন যোজনা এন পি এৰ ঠাইত প্ৰযোজ্য কৰা হৈছে।

এই পেন্সন প্ৰক্ৰিয়া তদাৰক কৰা হয় অটল পেন্সন ফাণ্ড ৰেগুলাৰেটী আৰু ডেভেলপমেন্ট অৰ্থৰিটী(PFRDA)ৰ জৰিয়তে। এই আঁচনি দেশৰ সমগ্ৰ বেংকতে প্ৰযোজ্য হৈছে। কিন্তু এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ১৮বছৰৰ পৰা ৪০বয়সৰ যিকোনো লোকে এই আচনিৰ সুবিধা লব পাৰে।

আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে, এই আচনিৰ সৈতে আপুনি দুই প্ৰকাৰে সংযুক্ত হব পাৰে। যদি আপুনি ৬০বছৰৰ পিছত ১০০০টকাকৈ পেন্সন লাভ কৰিব খোজে তেনেহলে প্ৰতিটো মাহত আপুনি জমা কৰিব লাগিব ৪২টকাকৈ আৰু ৫০০০টকাকৈ যদি পেন্সন লাভ কৰি খোজে তেনেহলে প্ৰতিটো দিনতে ৭টকাকৈ জমা কৰি মাহত জমা কৰিব লাগিব ২১০টকাকৈ। উল্লেখ্য যে, এই আচঁনিৰ অধীনত ১০০০ৰ পৰা ৫০০০টকা পৰ্যন্ত পেন্সন ৬০বছৰৰ পিছত মৃত্যু পৰ্যন্ত লাভ কৰিব এগৰাকী লোকে।