মুখ্য-পৃষ্ঠা

কোৰোনা ভেকচিন উপহাৰ দিয়া চিৰাম প্ৰতিষ্ঠানত বিধ্বংসী জুঁই…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতক কোৰোনা ভেকচিন উপহাৰ দিয়া পুণেস্থিত চিৰাম প্ৰতিষ্ঠানৰ নৱনিৰ্মিত কাৰ্যালয়ত বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে। অৱশ্যে সকাহৰ খবৰটো হৈছে যে, এই অগ্নিকাণ্ডই ভেকচিন প্ৰস্তুত হৈ থকা কেবিনত কোনো প্ৰভাৱ নেপেলায়।

বিধ্বংসী এই জুই নিৰ্বাপনৰ বাবে ১০খনৰো অধিক গাড়ী নিয়োজিত কৰিছে অগ্নি নিৰ্বাপক বাহিনীয়ে। অৱশ্যে শেহতীয়াকৈ এই জুই কিছু নিৰ্বাপিত হৈছে। উল্লেখ্য যে, চিৰাম প্ৰতিষ্ঠান হৈছে এনে এটা প্ৰতিষ্ঠান, যিটো প্ৰতিষ্ঠান বিশ্ব ভিতৰতে সবাতোকৈ ডাঙৰ ভেকচিন নিৰ্মাতাকাৰী প্ৰতিষ্ঠান। প্ৰায় ১০০ একৰ মাটিত বিয়পি আছে প্ৰতিষ্ঠানৰ পৰিধি।