মুখ্য-পৃষ্ঠা

বিজেপিৰ সদ্য প্ৰয়াত নেতা অশ্বিনী চেতিয়াৰ দুই ভাতৃ আক্ৰান্ত কোৰোনাত…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিজেপিৰ সদ্য প্ৰয়াত নেতা অশ্বিনী চেতিয়াৰ দুই ভাতৃ আক্ৰান্ত হৈছে কোৰোনাত। নেতাজনৰ ভাতৃ ক্ৰমে প্ৰশান্ত চেতিয়া আৰু নকুল চেতিয়াৰ দেহলৈ কোভিড-১৯ তেওঁপ শেষকৃত্যুৰ সময়তে সংক্ৰমণ হোৱা বুলি সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে, গুৱাহাটীৰ এখন চিকিতসালয়ত মৃত্যু হোৱাৰ পাছত তেওঁৰ নশ্বৰ দেহ শিৱসাগৰৰ গাঁৱৰ ঘৰলৈ লৈ যোৱা হৈছিল।

এই শেষকৃত্যু অনুষ্ঠানত বহুকেইজন ভি আই পি ব্যক্তি উপস্থিত আছিল। মন্ত্ৰী যোগেন মহন, সাংসদ তপন গগৈকে ধৰি বহু বিজেপি নেতা আৰু জিলাখনৰ আৰক্ষী অধীক্ষক তথা উচ্চ পদস্থ বিষয়াসকলো অশ্বিনী চেতিয়াৰ শেষকৃত্যুত অংশ লৈছিল।