মুখ্য-পৃষ্ঠা

মানুহ এজন, তিনিটা চৰকাৰী চাকৰি…ক’ত, কেনেকৈ?

asomiyapratidin

ডিজিটেল ডেস্কঃ মানুহ এজন, ৩ টা চৰকাৰী চাকৰি। যি সময়ত এটা চৰকাৰী চাকৰিৰ বাবে হাজাৰ হাজাৰ নিবনুৱাই হাবাথুৰি খাইছে, তেনে সময়ত এজন মানুহে একেলগে ৩ টা চৰকাৰী চাকৰি কৰাটো অসম্ভৱ যেন লাগিলেও এনে এক ঘটনা সংঘটিত হৈছে বিহাৰৰ পাটনাৰ এখন গাঁৱত।পাটনাৰ সুৰেশ নামৰ এজন লোকে একেলগে কৰি আছিল ৩ টা চৰকাৰী চাকৰি। কিন্তু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নে ধৰা পেলালে সুৰেশৰ এই কু-কৰ্ম।

প্ৰাপ্ত খবৰ অনুসৰি সুৰেশ নামৰ এই লোকজন ১৯৮৮ চনৰ ২০ ফেব্ৰুৱাৰীত বিহাৰৰ পথ নিৰ্মাণ বিভাগত সহকাৰী অভিযন্ত্ৰা ৰূপে নিযুক্তি পাইছিল। ইয়াৰ পাছতে ১৯৮৯ চনৰ ২৭ জুলাইত সুৰেশে নিযুক্তি পালে বিহাৰৰে জলসম্পদ বিভাগৰ আন এক পদত। দ্বিতীয়টো চাকৰি লাভ কৰি দুয়োটা বিভাগতে চাকৰি কৰি থাকিল সুৰেশে। দুয়োটা চাকৰি কৰি থকাৰ পাছতো ১৯৮৯ চনত সুৰেশে বিহাৰৰ অন্য এখন জিলাত পুনৰ জল সম্পদ বিভাগত লাভ কৰিলে চাকৰি। তিনিওটা চাকৰি পৰা ৩০ বছৰ ধৰি দৰমহাও ললে সুৰেশে।

তিনিটা চৰকাৰী চাকৰি কৰি সুন্দৰভাৱে জীৱন অতিবাহিত কৰা সুৰেশ শেহতীয়াকৈ ধৰা পৰিল চি এফ এম এছত নিজৰ নামভৰ্তি কৰোতে। চাকৰিৰ বিত্তীয় দিশৰ সৈতে জড়িত এই ব্যৱস্থাত কৰ্মচাৰীয়ে জমা দিব লাগে পেন কাৰ্ড, আধাৰ কাৰ্ডৰ লগতে জন্মৰ প্ৰমাণ পত্ৰ। তিনিটা চৰকাৰী চাকৰি কৰি থকা সুৰেশ এই সকলো খিনি নথি-পত্ৰ জমা দিয়াৰ সময়তে পৰিল আৰক্ষীৰ জালত।

দৰাচলতে সুৰেশৰ নথি-পত্ৰৰ বিসংগতি দেখি মধুসূদন কুমাৰ নামৰ এজন কৰ্মচাৰীয়ে কিংগঞ্জ আৰক্ষী থানাত তৰিছিল এক গোচৰ। গোচৰৰ লগতে লোকজনে ইয়াকো উল্লেখ কৰিছে যে, সুৰেশে কেৱল ৩ টা চাকৰি কৰি থকাই নহয়, বিভিন্ন সময়ত পদোন্নতিয়ো লাভ কৰিছে। আৰক্ষীয়ে সুৰেশে চাকৰি কৰি থকা আটাইকেইটা বিভাগৰ পৰা তদন্তৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ সংগ্ৰহ কৰিছে। উল্লেখ্য যে, চলিত বৰ্ষৰ ৯ আগষ্টত সুৰেশৰ বিৰুদ্ধে গোচৰ তৰিছিল মধুসূদন কুমাৰ নামৰ লোকজনে।