কবিতা
কবিতা 
মুখ্য-পৃষ্ঠা

কবিতা ১১১/ বুদ্ধৰ আকাশ

Asomiya Pratidin

ভাস্কৰজ্যোতি গগৈ

এনে কি কথা আছিল

যাৰ বাবে সকলো এৰি

তুমি গুচি যাব লগা হ'ল

দুভৰিত মেৰিয়াই থকা নৈখনে

তোমাক ৰাখিব নোৱাৰিলে

পলাশৰ ৰঙে

শাওনৰ বৰষুণজাকে

মাটিৰ মমতাই

এই সেউজীয়াবোৰৰ

তোমাৰ বুকুত বুকু

ওঁঠত ওঁঠ

চকুত চকু ছৈ

মই জী উঠাৰ কথা ভাবিছিলো

চোৱা শিলটোৱে এতিয়াও

নীৰৱে কেনেকৈ উচুপি আছে

শূণ্যতা মানেইতো গৈ থকা

সকলো জনাৰ পিছতো তুমি ৰৈ নাথাকিলা

আকাশৰ সিপাৰেও এখন আকাশ আছে

বুদ্ধৰ আকাশ।।