- নীপক' পৰিচালিত কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপলাইন বিস্ফোৰিত হৈছে।
- কমেও চাৰিজন কৰ্মচাৰীৰ মৃত্যুৰ আশংকা ।
- ডিমা হাচাওৰ উমৰাংচুস্থিত প্ৰকল্পটোৰ পাইপলাইন ফাটি যোৱাৰ ফলত নীপক' পাৱাৰ হাউছকে ধৰি সমগ্ৰ অঞ্চল প্লাৱিত হৈ পৰিছে।
- পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় দুৰ্য্যোগ প্ৰশমন বাহিনী আৰু অসম ৰাইফলছৰ সহায় বিচাৰিছে নীপক'ই ।
- তীব্ৰবেগী পানীয়ে উদ্ধাৰ অভিযানত বাধা দিছে এন ডি আৰ এফক।
- নীপকো পাৱাৰ হাউছকে ধৰি সমগ্ৰ অঞ্চল এতিয়া পানীৰ তলত।
- পাৱাৰ ষ্টে'চনৰ টাৰ্বাইনলৈ পানী কঢ়িয়াই নিয়া পাইপলাইন সোমবাৰে ৰাতিপুৱা ফাটি গৈছিল।