মুখ্য-পৃষ্ঠা

প্ৰতিষ্ঠাৰ ১১৬ বছৰ পিছতো নাই কোনো গুৰিয়ালঃ গ্ৰামাঞ্চলৰ উন্নয়নৰ দায়িত্বত নিয়োজিত অসমৰ অভিশপ্ত সমবায় বিভাগ…

asomiyapratidin

ডিজিটেল ডেস্ক: অসমৰ গ্ৰামাঞ্চলৰ সাধাৰণ দুখীয়া ৰাইজৰ সমবায় নিৰ্ভৰ আঁচনিসমূহ নিয়াৰিকৈ পৰিচালনা কৰিবৰ বাবে ১৯০৪ চনত প্ৰতিষ্ঠা হৈছিল অসমৰ সমবায় বিভাগ নামেৰে এটি স্বতন্ত্ৰ বিভাগ । গান্ধীৰ পঞ্চায়তীৰাজ সপোনৰ বাস্তৱিক ৰূপ, এই বিভাগৰ নেতৃত্বত আছে প্ৰায় ১২০০০ গাওঁ পঞ্চায়ত সমিতি আৰু প্ৰায় সমান সংখ্যক অন্যান্য সমবায় সমিতিসমূহ।

জানি আচৰিত হ 'ব প্ৰতিষ্ঠাৰ ১১৬ বছৰ পিছতো আজিকোপতি এই বিভাগৰ পৰিচালনাৰ নাই কোনো নিৰ্দিষ্ট সেৱাবিধি। তদুপৰি আজিলৈকে স্হায়ীভাৱে নিযুক্তি নহ'ল এই বিভাগৰ অতিৰিক্ত মুখ্য সচিব, প্ৰধান সচিব, আয়ুক্ত সচিবকে ধৰি মূখ্য নেতৃত্বৰ বিষয়াসকল।

জিলা পৰ্যায়ত এই সমবায় সমিতিসমুহ পৰিচালনাৰ একো একোটা বিভাগ থকাৰ উপৰিও এই গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছে অসম চৰকাৰৰ এজন মন্ত্ৰীও । কিন্তু সমবায় সম্পৰ্কীয় দুৰ্নীতি বিষয়সমুহ আলোচনালৈ আহিলেই চৰ্চিত হয় এই বিভাগটোৰ নাম।

বহুদিন বিৰতিৰ পিছত অসম চৰকাৰে ২৭ আগষ্ট তাৰিখে বিভাগটোৰ পঞ্জীয়কৰ দায়িত্ব বিভাগৰে এগৰাকী বিষয়া প্ৰভাতী থাউচেনক অৰ্পন কৰে যদিও ১৫ চেপ্টেম্বৰ পৰ্যন্ত কামত যোগদান নকৰিলে থাউচেনে।ফলত বৰ্তমান অসম চৰকাৰৰ এই গুৰুত্বপূৰ্ণ বিভাগৰ কাৰ্যালয়ত পঞ্জীয়কৰ দায়িত্বত নাই কোনো বিষয়া।

ইয়াৰ পূৰ্বেও পঞ্জীয়কৰ দায়িত্বত থকা ললিত গগৈ নামৰ বিষয়া গৰাকীয়ে পূৰ্বৰ আঢ়ৈটা বছৰ কাৰ্যালয়টো পৰিণত কৰিছিল বিলাসিতাৰ কক্ষ হিচাপেহে। বিষয়া গৰাকীৰ নিৰ্দেশত কোঠাত লগোৱা হৈছিল অত্যাধুনিক ছাউণ্ড চিষ্টেম আৰু মনোৰঞ্জনৰ অন্যান্য সঁজুলি। দম হৈ পৰি থকা হাজাৰ ফাইলৰ বিপৰীতে সৃষ্টি হৈছে এচাম দালালৰ।

নিৰ্দিষ্ট সেৱাবিধি নথকা এই বিভাগৰ বহু কৰ্মচাৰীয়ে অৱসৰৰ পিছত এতিয়াও লাভ কৰা নাই পেঞ্চন । গান্ধীৰ গ্ৰাম স্বৰাজক প্ৰহসনত পৰিণত কৰা এই বিভাগৰ জৰিয়তে নিৰ্বাচনী বতৰত আকৌ ঘোষণা কৰা নতুন আঁচনি আৰু ৰূপায়নৰ প্ৰতিশ্ৰুতিসমুহ এই সময়ত লক্ষণীয় হ'ব ।