সৰ্বভাৰতীয় পুলিচ পাঞ্জাত অসম আৰক্ষীৰ সফলতাঃ জি পি সিঙে খেলুৱৈক জনালে সম্বৰ্ধনা
সৰ্বভাৰতীয় পুলিচ পাঞ্জাত অসম আৰক্ষীৰ সফলতাঃ জি পি সিঙে খেলুৱৈক জনালে সম্বৰ্ধনা  
মুখ্য-পৃষ্ঠা

সৰ্বভাৰতীয় পুলিচ পাঞ্জাত অসম আৰক্ষীৰ সফলতাঃ জি পি সিঙে খেলুৱৈক জনালে সম্বৰ্ধনা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনেৰ এছ আৰ পি এফত মহাৰাষ্ট্ৰ আৰক্ষীয়ে আয়োজন কৰা ৭১ তম সদৌ ভাৰত পুলিচ গেমছত অসম আৰক্ষীৰ পাঞ্জা দলটোৱে লাভ কৰিছে সফলতা। ১৪ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় পুলিচ পাঞ্জাত অসম দলটোৱে লাভ কৰে মুঠ ৩ টাকৈ পদক।

পুৰুষৰ ৬৫ কেজি শাখাত পুলকেশ কামানে ৰূপৰ পদক, ৮৫ কেজি শাখাত বিনোদ বৰুৱাই ব্ৰঞ্জৰ পদক আৰু ৫৫ কেজি শাখাত দিপালী গগৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। অসম আৰক্ষীৰ এই ঐতিহাসিক বিজয়ৰ পিছতে আজি অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে পদক বিজয়ী খেলুৱৈ কেইগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰিছে।

এই সম্বৰ্ধনা অনুষ্ঠানত জি পি সিঙে পদক লাভ কৰা আটাইকেইজন খেলুৱৈকে অভিনন্দন জ্ঞাপন কৰি অসম পাঞ্জা সন্থাক ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁ আগন্তুক সময়ত উচ্চমানৰ প্ৰশিক্ষণৰ জৰিয়তে সন্থাই অসম আৰক্ষীৰ দলটোক অধিক সফলতা অৰ্জন কৰাৰ দিশত সাজু কৰি তুলিব বুলিও আশা প্ৰকাশ কৰিছে।

এই সম্বৰ্ধনা অনুষ্ঠানত মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত তথা পাঞ্জা সন্থা, অসমৰ সভাপতি পাৰ্থ সাৰথি মহন্ত আৰু সন্থাৰ সাধাৰণ সম্পাদক প্ৰাণ প্ৰতিম চলিহাৰ লগতে অসম আৰক্ষীৰ ভালেসংখ্যক বিষয়াও উপস্থিত থাকে।

ক্লিক কৰি পঢ়কঃ আদানি বন্দৰৰ বিৰোধিতাৰে হিংসাত্মক প্ৰতিবাদঃ ৩ হাজাৰ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু...