মুখ্য-পৃষ্ঠা

প্ৰাদেশীকৰণৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা হাইস্কুল শিক্ষক সন্থাৰ সাধাৰণ সম্পাদকক বহিষ্কাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিদ্যালয় প্ৰাদেশীকৰণ আৰু শিক্ষক নিযুক্তিৰ ভুৱা প্ৰতিশ্ৰুতিৰে ধন সংগ্ৰহত লিপ্ত হৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা অসম হাইস্কুল শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক আজি শিক্ষকৰ সংগঠনটোৱে পদবীৰ পৰা অপসাৰণ কৰাই নহয় সভ্য পদৰ পৰাও বহিষ্কাৰ কৰিছে।

প্ৰনিধানযোগ্য যে, বিদ্যালয় প্ৰাদেশীকৰণ আৰু শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া চলি থকাৰ মাজতে হাইস্কুল শিক্ষক সন্থাৰ ৰাজ্যিক সম্পাদক চন্দ্ৰ গগৈয়ে তিনিচুকীয়াৰ ফিল'বাৰীৰ অৰণোদয় হাইস্কুলৰ শিক্ষক দিব্য গগৈৰ পৰা ২০হাজাৰ টকা দাবী কৰা সন্দৰ্ভত ৰেকৰ্ডিং কৰা এক ফোনকল ৭ফেব্ৰুৱাৰীত ভাইৰেল হৈছিল।

ইয়াৰ পিছতে তেওঁক দিছপুৰৰ আৰক্ষীয়ে মৰিগাঁৱত গ্ৰেপ্তাৰ কৰি চাৰিদিন আৰক্ষী জিম্মাত ৰখাৰ পাছত শুকুৰবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰে। ইয়াৰ পিছতে অসম হাইস্কুল শিক্ষক সন্থাৰ শনিবাৰে অনুষ্ঠিত এক জৰুৰী কাৰ্যনিৰ্বাহক সভাই ৰাজ্যিক সম্পাদক চন্দ্ৰ গগৈক সাধাৰণ সম্পাদক পদৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও বহিষ্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে।