আপোনাকো লাগে নেকি চাকৰি ? জানুৱাৰীত ১০ হাজাৰ পদত নিযুক্তি...
আপোনাকো লাগে নেকি চাকৰি ? জানুৱাৰীত ১০ হাজাৰ পদত নিযুক্তি... 
মুখ্য-পৃষ্ঠা

আপোনাকো লাগে নেকি চাকৰি ? জানুৱাৰীত ১০ হাজাৰ পদত নিযুক্তি...

Asomiya Pratidin

ডিডিটেল ডেস্কঃ ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীলৈ ভাল খবৰ। শীঘ্ৰেই প্ৰকাশ পাব কেইবাহাজাৰ চাকৰিৰ বিজ্ঞাপন। চৰকাৰী চাকৰি বিচাৰি থকা নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এই ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ড০ শৰ্মাই অতি শীঘ্ৰেই ১০ হাজাৰ নতুন পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব বুলি প্ৰকাশ কৰিছে। ইয়াৰ পৰৱৰ্তী সময়ত পুনৰ প্ৰকাশ পাব আন ১০ হাজাৰ পদৰ বিজ্ঞাপন। সদ্যহতে ১০ হাজাৰ চাকৰিৰ বিজ্ঞাপন ২০২৩ ৰ প্ৰথম ভাগতে প্ৰকাশ পাব।

মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য অনুসৰি জানুৱাৰীৰ ১৫ ৰ পৰা ২০ তাৰিখৰ ভিতৰত প্ৰকাশ পাব ১০ হাজাৰ পদৰ বিজ্ঞাপন। মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি ডিচেম্বৰত এই বিজ্ঞাপন প্ৰকাশ কৰা সম্ভৱ নহয় বাবে জানুৱাৰীত প্ৰকাশ কৰা হ'ব।

তেওঁ লগতে কয় যে, চৰকাৰে ১ লাখ পদত নিযুক্তি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে আৰু ২০ হাজাৰ পদৰ প্ৰয়োজন। সেই অনুসৰি ইতিমধ্যে ৮০ হাজাৰ পদত নিযুক্তি প্ৰদান কৰা হৈছে।

অহা তিনি, চাৰি মাহৰ ভিতৰত ২০ হাজাৰ নিযুক্তি সম্পূৰ্ণ কৰি ১ লাখ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লগতে চৰকাৰৰ প্ৰতিশ্ৰুতিও পূৰণ কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ভাষ্যই আগন্তুক সময়ত আৰু ২০ হাজাৰ শিক্ষিত নিৱনুৱা যুৱক-যুৱতীৰ যে চৰকাৰী সংস্থাপনৰ বাট মুকলি কৰিব সেয়া নিশ্চিত কৰিছে।

ক্লিক কৰি পঢ়কঃ প্ৰকাশ পাব সদৌ অসম সাহিত্য সন্মিলনৰ “গ্রন্থবার্তা”