মুখ্য-পৃষ্ঠা

সৰ্বাধিকঃ সোমবাৰে অসমত ১৫গৰাকী কোৰোনাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু দুজন…

asomiyapratidin

ডিজিটেল ডেস্কঃ সোমবাৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত হ'ল ১৫জনকৈ ব্যক্তি। বৰ্তমানলৈ এটা দিনত কোৰোনাত আক্ৰান্ত হোৱা এই সংখ্যাই সৰ্বাধিক। ইফালে দিনটোৰ ভিতৰতে কোৰোনাই ৰাজ্যত প্ৰাণ ল'লে দুজনকৈ ব্যক্তিৰ।

সোমবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত হোৱা ১৫গৰাকীৰ ভিতৰত ৭গৰাকীয়েই হৈছে গুৱাহাটীৰ। সোমবাৰৰ দিনৰ ভাগত কোৰোনাত আক্ৰান্ত হোৱাৰ তালিকাত গুৱাহাটী নাছিল যদিও নিশা প্ৰায় ১০.৫৭ বজাত স্বাস্থ্যমন্ত্ৰীয়ে ছ'চিয়েল মিডিয়া যোগে ঘোষণা কৰিলে যে গুৱাহাটীত আক্ৰান্ত হৈছে ৭ জন।

আক্ৰান্ত ৭ জনৰ ভিতৰত এগৰাকী ব্যক্তি ৰোগ ধৰা পৰাৰ পূৰ্বেই দূৰ্ভাগ্যজনকভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত মৃত্যু হয় ৷ আন ৩ গৰাকী ব্যক্তি সৰুসজাইস্থিত পৃথকীকৰণ কেন্দ্ৰৰ ৷ আনহাতে অৱশিষ্ট ৩ গৰাকী ব্যক্তি আলুগুডামৰ সংক্ৰমণৰ সৈতে সম্পৰ্কিত আৰু তেওঁলোক ফাঁচীবজাৰৰ নিয়ন্ত্ৰিত অঞ্চল (Containment zone)ত থকা লোক ৷

সোমবাৰে আক্ৰান্ত হোৱা ৰাজ্যৰ বাকী ৭ গৰাকীৰ ভিতৰত ৪ গৰাকী গোলাঘাটৰ, ২গৰাকী কাছাৰৰ আৰু ২গৰাকী যোৰহাটৰ। উল্লেখ্য যে, স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে জনতা ভৱনত সংবাদমেল সম্বোধন কৰি অনাগত দিনত ৰাজ্যৰ কোৱাৰেন্টাইন চেন্টাৰ সমূহত কোৰোনা পজিটিভ ৰোগী ধৰা পৰা সম্ভাৱন প্ৰকট কৰে।