ৰাজ্যিক কেবিনেটৰ বৈঠকঃ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ...
ৰাজ্যিক কেবিনেটৰ বৈঠকঃ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ...  
মুখ্য-পৃষ্ঠা

তীৰ্থস্থানৰ পৰা শিক্ষালৈ! ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধন্ত...

Asomiya Pratidin

ডিজিটেল ডেস্ক: আজি অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। জনতা ভৱনত মুখ্যমন্ত্রীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠক। য'ত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তলত সৱিশেষ উল্লেখ কৰা হ'ল-

  • সাগৰমালা আঁচনিৰ অধীনত তীৰ্থক্ষেত্রলৈ ফেৰী সেৱা।

  • কামাখ্যাৰ পৰা অশ্বক্লান্তলৈ চলিব ফেৰী।

  • অশ্বক্লান্তৰ পৰা উমানন্দলৈ চলিব ফেৰী।

  • উমানন্দৰ পৰা দৌল গোবিন্দলৈ ফেৰী সেৱা।

  • গুৱাহাটীৰ ৫ তীৰ্থক্ষেত্রলৈ আৰম্ভ হ’ব ফেৰী সেৱা।

  • দক্ষতা বিকাশৰ ক্ষেত্রতো হ’ব বিশেষ ব’ৰ্ড।

  • দুমাহৰ ভিতৰত কাৰিকৰী শিক্ষাই ল’ব নতুন ৰূপ।

  • অষ্টম উত্তীৰ্ণই কাৰিকৰী শিক্ষা ল’লে HSLCৰ সমমৰ্যাদা পাব।

  • HSLC উত্তীৰ্ণসকলে কাৰিকৰী শিক্ষা ল’লে HSৰ সমমৰ্যাদা পাব।

  • দুমাহৰ ভিতৰত গঠন কৰা হ’ব দক্ষতা বিকাশ ব’ৰ্ড।

  • ৪৪ লাখ লোকৰ ঘৰত সংস্থাপিত হ’ব ডিজিটেল মিটাৰ।

  • ইয়াৰ বাবে প্রয়োজন হ’ব ৫ হাজাৰ টেকনেচিয়ান।

  • ৪,৬৬২ কোটি টকা ব্যয়ৰ ক্ষেত্রত অনুমোদন।

  • বৰছলাত হ’ব ৫০ মেগাৱাটৰ সৌৰ পাৰ্ক।

  • জোখ-মাখ বিভাগক খাদ্য, যোগান বিভাগৰ লগত চামিলৰ সিদ্ধান্ত।

  • ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হ’ব বসুন্ধৰা আবেদনৰ সময়সীমা।

  • পূৰ্বে DGPৰ কাৰ্যালয়ৰ পৰা সম্পন্ন হৈছিল বদলিকৰণ প্রক্রিয়া।