অসম গ্ৰন্থমেলা নলবাৰী
অসম গ্ৰন্থমেলা নলবাৰী 
মুখ্য-পৃষ্ঠা

অসম গ্ৰন্থমেলা নলবাৰীত উপগ্ৰহ চলচ্চিত্ৰৰ ৫০ বছৰ উপলক্ষে ৰোমন্থন...

Asomiya Pratidin

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত নলবাৰী ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত আয়োজিত অসম গ্ৰন্থমেলা, নলবাৰীত মঙলবাৰে উপগ্ৰহ চলচ্চিত্ৰৰ ৫০বছৰ উপলক্ষে বিশেষ ৰোমন্থন অনুষ্ঠিত হয় ৷

যশস্বী লেখক, চলচ্চিত্ৰ সমালোচক উৎপল দত্তই সঞ্চালনা কৰা এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়া, মীৰা শৰ্মা, প্ৰণৱমল্ল বৰুৱা আৰু ফজল আলী ৷ নলবাৰীত চলচ্চিত্ৰ নিৰ্মাণ আৰু দৃশ্যগ্ৰহণৰ স্মৃতি সুঁৱৰি প্ৰণৱ মল্ল বৰুৱাই তেওঁৰ ঘৰৰ প্ৰথম মহলাত হোৱা দৃশ্যগ্ৰহণৰ বিষয়ে উনুকিয়াই । অভিনেত্ৰী মীৰা শৰ্মাই নিজৰ শিল্পী জীৱনৰ অভিজ্ঞতা সুঁৱৰি কয় যে ঘৰৰ কাম কৰিও তেওঁ আখৰা কৰিবলৈ আহিছিল আৰু তেনেদৰেই জীৱনত প্ৰায় পঞ্চাশখন নাটকত অভিনয় কৰিছিল ৷

জীৱনৰ প্ৰথম চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে শ্বিলঙলৈ যোৱা মীৰা শৰ্মাই কয় যে, জীৱনত এখন মাত্ৰ চলচ্চিত্ৰত কাম কৰি তেওঁ আচৰিতধৰণে পৰিচয় লাভ কৰিছে৷ একালত ডিঙিত জীৱন্ত সাপ লৈ মনসাৰ চৰিত্ৰত বেউলা নাটকত কৰা অভিনয়ৰ সংলাপ মাতি মীৰা শৰ্মাই পুৰণি দিনৰ স্মৃতি সোঁৱৰণ কৰে ৷

অভিনেতা ফজল আলীয়ে উপগ্ৰহ চিনেমাৰ যোগেদি জীৱনত লাভ কৰা চলচ্চিত্ৰ অভিনয়ৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে ৷ বিশিষ্ট অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়াই এই অনুষ্ঠানত উপগ্ৰহ চিনেমাখনে তেওঁৰ অভিনয় জীৱনক কেনেদৰে প্ৰভৱান্বিত কৰিছিল সেই সম্পৰ্কে জানিবলৈ দিয়ে ৷ এই চলচ্চিত্ৰখনৰ যোগেদি তেওঁৰ অভিনয় জীৱনলৈ অহা পৰিৱৰ্তনৰ কথাও উনুকিয়াই৷ অসমীয়া চলচ্চিত্ৰৰ বিকাশত উপগ্ৰহ চলচ্চিত্ৰৰ ভূমিকাৰ বিষয়ে চৰ্চা হোৱা এই অনুষ্ঠানত শৈলেন্দ্ৰ কুমাৰ চৌধুৰীও উপস্থিত থাকে ৷

আৰু পঢ়কঃ ব্ৰহ্মচাৰী সত্ৰত গাম্ভীর্যপূৰ্ণ অনুষ্ঠানঃ ড০ নৰেন কলিতাক 'মহন্ত' বটাঁ প্ৰদান...