মুখ্য-পৃষ্ঠা

অসম গ্ৰন্থমেলাৰ অন্তিম দিনা জনতাৰ বিশাল সমাৱেশ, প্ৰায় ৫০ লক্ষাধিক টকাৰ গ্ৰন্থ বিক্ৰী

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজি : অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত অসম গ্ৰন্থ মেলাৰ দেওবাৰে অন্তিম দিন। ধেমাজি কাছাৰী ময়দানত আয়োজিত অসম গ্ৰন্থমেলা অন্তিম দিনা জনতাৰ বিশাল সমাৱেশত উখল-মাখল হৈ পৰে ৷ গ্ৰন্থপ্ৰেমীসকলে কিতাপ ক্ৰয় কৰাৰ লগতে সামৰণি সভা আৰু সাংস্কৃতিক অনুষ্ঠানতো বিপুল উৎসাহেৰে যোগদান কৰে ৷ মিচিং সাহিত্য সভাৰ সভাপতি, অসম প্ৰকাশন পৰিষদৰ সদস্য গোবিন্দ টাইদে সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

ভাষনত তেওঁ কয় যে অসম প্ৰকাশন পৰিষদে ধেমাজিত অসম গ্ৰন্থমেলা আয়োজন কৰি এক নতুন ইতিহাস ৰচনা কৰিলে ৷ চৰকাৰে ধেমাজিৰ লগতে বিভিন্ন জিলালৈ গ্ৰন্থমেলা সম্প্ৰসাৰণ কৰি ৰাজ্যখনৰ বিদ্যায়তনিক আৰু বৌদ্ধিক ক্ষেত্ৰ চহকী হোৱাৰ পথ প্ৰশস্ত কৰিছে ৷ এয়া ভাষা-সাহিত্যৰ উত্তৰণৰ বাবেও এক বাস্তৱসন্মত ফলপ্ৰসূ পদক্ষেপ ৷

তেওঁ ধেমাজিত অনুষ্ঠিত অসম গ্ৰন্থমেলা সকলো দিশেৰে সফল হোৱা বুলি উল্লেখ কৰি কয়---“এই গ্ৰন্থমেলাৰ জৰিয়তে ধেমাজিবাসী ৰাইজ উপকৃত হৈছে ৷ এই অনুষ্ঠানে দিছপুৰ আৰু ধেমাজিৰ মানসিক দূৰত্ব হ্ৰাস কৰিলে ৷ ” অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰবীন সাংবাদিক, বিশিষ্ট লেখক তথা সাহিত্যিক উমেশ চেতিয়াই ৷

ভাষনত তেওঁ ধেমাজিৰ দৰে প্ৰান্তীয় জিলাত অসম প্ৰকাশন পৰিষদৰ জৰিয়তে গ্ৰন্থমেলা আয়োজন কৰি অসম চৰকাৰে শুভবাৰ্তা প্ৰেৰণ কৰা বুলি মন্তব্য কৰি কয়---“গ্ৰন্থ হৈছে সাচতীয়া জ্ঞানৰ ভঁৰাল ৷ গতিকে ইয়াত জ্ঞানৰ ভঁৰালৰ পৰা ৰাইজে নিশ্চয় নজনা কথা জানিব পাৰিছে ৷ জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছে ৷”

তেওঁ প্ৰসংগক্ৰমে বেদৰ পৰা আৰম্ভ কৰি ৰামায়ণ, মহাভাৰত, গীতা, ভাগৱত, বাইবেলৰ কথা উল্লেখ কৰি কয় যে মহাকাব্যই মানুহক মুগ্ধ কৰে, নীতিশিক্ষা দিয়ে আৰু সমাজক সুন্দৰ কৰি ৰাখে ৷ আধুনিক চিন্তাৰে পৰিপুষ্ট কিতাপে মানুহক নতুন পোহৰৰ বাট দেখুৱাই ৷

এই গ্ৰন্থমেলাই ধেমাজিত আগন্তুক সময়ৰ বাবে এক সুস্থ জ্ঞান চৰ্চাৰ বাতাৱৰণ সৃষ্টি কৰিব বুলিও কয় তেওঁ ৷ সামৰণি অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই অসম গ্ৰন্থমেলা সফল কৰাৰ বাবে ধেমাজিবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে ৷

সামৰণি সভাৰে সংগতি ৰাখি যোৱা ৬ নৱেম্বৰত “মুকুতা” আলোচনীৰ উদ্যোগত ধেমাজি জিলা মইনা পাৰিজাতৰ সহযোগত আয়োজিত “শিশুৰ দিন”ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক বক্তৃতাৰ লগতে বিগত দিনকেইটাত অনুষ্ঠিত হোৱা সাংস্কৃতিক প্ৰতিযোগিতাৰ বঁটা-বিতৰণি সম্পন্ন কৰা হয় ৷

চিত্ৰাংকন প্ৰতিযোগিতাৰ “ক” শাখাত পংখী কাজল চুতীয়াই প্ৰথম, মনিমা সোণোৱালে দ্বিতীয় , সৌম্যদ্বীপ পাতিৰে তৃতীয় স্থান লাভ কৰিছে ৷ এই শাখাত উদ্‌গনি বঁটা লাভ কৰিছে কুঁহিৰাণী দিহিঙীয়াই ৷ “খ” শাখাত ধৃতিদ্বীপা ভূঞাই প্ৰথম , দুবৰী দত্তই দ্বিতীয় , প্ৰেৰণা পাওঁৱে তৃতীয় আৰু সেউতী চিন্টে , তীৰ্থজ্যোতি কলিতাই নিচুকনী বঁটা লাভ কৰিছে ৷

গ” শাখাত ময়ূৰজ্যোতি কলিতাই প্ৰথম , সন্দীপ দাসে দ্বিতীয় , পৰিস্মিতা কোঁৱৰে তৃতীয় আৰু লিছা দিহিঙীয়াই উদ্‌গনি বঁটা লাভ কৰিছে ৷ আকস্মিক বক্তৃতাত পাৰ্থপ্ৰতীম দিহিঙীয়াই প্ৰথম, ৰাজপাল শইকীয়া আৰু মৌচুমী লাহনে যুটীয়াভাৱে দ্বিতীয় , শিখামণি পেগুৱে তৃতীয় স্থান লাভ কৰিছে ৷ সাংস্কৃতিক প্ৰতিযোগিতাত শ্ৰেষ্ঠ বঁটা লাভ কৰে “বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ে ”৷ দ্বিতীয় স্থান লাভ কৰে “মাডাৰ্ছ প্ৰাইড স্কুলে ” ৷ তৃতীয় স্থান লাভ কৰে “যোগেশ গোহাঞি উচ্চ মাধ্যমিক বিদ্যালয়ে” আৰু উদ্‌গনি বঁটা লাভ কৰে “ ধেমাজি জাতীয় বিদ্যালয়ে ”৷ প্ৰবোধ দাসে আঁত ধৰা সামৰণি আৰু বঁটা বিতৰণি অনুষ্ঠান এটি বৰগীতেৰে শুভাৰম্ভ কৰে বনজ্যোৎস্না দত্ত আৰু তেওঁৰ সংগীবৃন্দই ৷

গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহত আজি কেবাখনো নতুন গ্ৰন্থও উন্মোচিত হয় ৷ তদুপৰি সন্ধিয়া গ্ৰন্থমেলাৰ মূল মঞ্চত পৰিৱেশিত হয় বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান ৷ উল্লেখ্য যে ধেমাজিত আয়োজন কৰা দহদিনীয়া অসম গ্ৰন্থমেলাত ৫০ লক্ষাধিক টকাৰ গ্ৰন্থ বিক্ৰী হয় ৷ অন্তিম দিনা সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে শিল্পী তথা ধেমাজি বানিজ্য মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° শংকৰ পাটোৱাৰীয়ে ৷ অসম গ্ৰন্থ মেলাই দহটা দিনতে বিভিন্ন বিদ্যালয়ে বিভিন্ন বিষয়ত যোগদান কৰি স্থান দখল কৰা প্ৰতিযোগী সকলৰ দ্বাৰা মন পৰশা সাস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷