মুখ্য-পৃষ্ঠা

কোন হ'ব ৰাজস্থানৰ মুখ্যমন্ত্ৰী! ছোনিয়া গান্ধীৰ হাতত আছে বাঘজৰী...

Asomiya Pratidin

ডিজিটেল ডেস্ক:  এতিয়াও অস্থিৰেই হৈ আছে ৰাজস্থানৰ ৰাজনৈতিক পৰিস্থিতি। বৃহস্পতিবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলোটে ঘোষণা কৰে যে তেওঁ দলৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা নকৰে।লগতে তেওঁ কয় যে মই ৰাজস্থানৰ মুখ্যমন্ত্ৰী হৈ থাকিম নে নাথাকিম এই সিদ্ধান্ত ছোনিয়া গান্ধীয়ে ল'ব।

তেওঁ কয় যে যোৱা কেইদিনমান ধৰি ৰাজস্থানত যি হৈ আছে তাক লৈ মই ছোনিয়া গান্ধীৰ ওচৰত ক্ষমা খুজিছো।  মই ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে নৈতিকতাৰ আধাৰত ক্ষমা বিচাৰিছো। অৱশ্যে ৰাজস্থানত যি হৈ আছে তাৰ অন্তৰালত মই নাই।

উল্লেখ্য যে, অশোক গেহলোটে ছোনিয়া গান্ধীক সাক্ষাৎ কৰাৰ পাছতেই এয়া স্পষ্ট কৰি দিয়ে যে তেওঁ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা নকৰে। তেওঁ কয় যে বিগত ৫০ বছৰ ধৰি অতি বিশ্বাসযোগ্যতাৰে তেওঁ কাম কৰি আহিছে। গতিকে ৰাজস্থানত যি ঘটনা সংঘটিত হৈ আছে তাৰ অন্তৰালত তেওঁ থকাৰ প্ৰশ্নয়ে নুঠে।